ওদালগুৰিঃ "আমি জিকিব নোৱাৰিলেও কাৰোবাক হৰুৱাব পাৰো। সময় থাকোতে চৰকাৰখনে পৃথক বড়োলেণ্ডৰ সমস্যা সমাধান কৰক।" এই সকিয়নী এবছুৰ সভাপতি প্ৰমোদ বড়োৰ। পৃথক বড়োলেণ্ডৰ দাবীত সোমবাৰে উত্তাল হৈ পৰিল ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখ। 

এবছু, এন ডি এফ বি(পি)আৰু পিপল জইন্ট একচন কমিতিয়ে বড়োলেণ্ডৰ দাবীত আজি ওদালগুৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত  ধৰ্নাৰে পৰিৱেশ উত্তাল কৰি তোলে। এবছুৰ সভাপতি প্ৰমোদ বড়োৱে বড়োলেণ্ডৰ লৈ সৰব হৈ পৰা দেখা যায়। লগতে তেওঁ বৰ্তমানৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াক ক্ষুৰধাৰ সমালোচনা কৰে। সাংসদ গৰাকীয়ে পৃথক বড়োলেণ্ডৰ বিৰুদ্ধে দিল্লীত মাত মাতি থকাৰ অভিযোগ উত্থাপন কৰে বড়োৱে।

বিভিন্ন মহলে পৃথক বড়োলেণ্ডৰ বিৰুদ্ধে শ্লোগান দিয়া কাৰ্য্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এবছুৰ সভাপতি গৰাকীয়ে। এবছুৰ সভাপতি গৰাকীয়ে হুংকাৰ প্ৰদান কৰি কয় যে আগন্তুক লোকসভা নিৰ্বাচনত আমি কাকো জিকাব নোৱাৰিলেও হৰুৱাব পাৰো। গতিকে বৰ্তমানেও চৰকাৰৰ হাতত দুই-তিনিমাহ আছে। এই সময়ছোৱাত চৰকাৰখনে ইচ্ছা কৰিলে বহু কামেই কৰিব পাৰে। সমস্যাৰ সমাধান হ'লেহে ৰাজ্যত বিকাশ সম্ভৱ হ্’ব। গতিকে কেন্দ্ৰীয় চৰকাৰখনে পৃথক বড়োলেণ্ডৰ সমস্যাৰো সমাধান কৰিব লাগে। অন্যথা আগন্তুক দিনৰ নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ পোৱাৰ সকিয়নী প্ৰদান কৰে প্ৰমোদ বড়োৱে। 

লগতে বড়োৱে কয় যে ক্ষমতালৈ আহিলে বড়ো সমস্যাৰ সমাধানৰ আশ্বাস দিয়া কেন্দ্ৰীয় চৰকাৰখনে বিগত পাঁচ বছৰে এই সমস্যাৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই। বড়োলেণ্ডৰ সমস্যা হ'ল উত্তৰ-পূৰ্ৱাঞ্চলৰ এক পুৰণি সমস্যা। সেয়েহে চৰকাৰখনে এই সমস্যাৰ অতি শীঘ্ৰে সমাধানৰ দাবীত সংগঠনকেইটাই আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে