ওদালগুৰিঃ ওদালগুৰি চহৰত একে সময়তে তিনিখনকৈ বাণিজ্যিক মেলা অনুষ্ঠিত কৰাৰ অনুমতি দিয়াৰ প্ৰতিবাদত আজি স্বত:স্ফুৰ্ত বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰে স্থানীয় ব্যৱসায়ীসকলে। মঙলবাৰে ওদালগুৰিৰ স্থানীয় ব্যৱসায়ীসকলে নিজৰ নিজৰ ব্যৱসায়িক প্ৰতিস্থানসমূহ বন্ধ ৰাখি বাণিজ্য মেলাৰ অনুমতি বাতিলকৰণ দাবী জনায়।
উল্লেখ্য যে প্ৰতিবছৰে ব্যৱসায়িক চিজন অৰ্থাত ডিচেম্বৰ মাহ আৰম্ভ হোৱাৰ সময়তে ওদালগুৰি চহৰত কে’বাখনো বাণিজ্য মেলা অনুষ্ঠিত হয়। যাৰ ফলত স্থানীয় ব্যৱসায়ীসকলে লোকচানৰ সন্মুখীন হৈ মূৰে-কপালে হাত দিবলৈ বাধ্য হয় হয়। চলিত ছেপ্তেম্বৰ মাহত ওদালগুৰিত ওৱান ইণ্ডিয়া নামৰ শ্বপিং মল স্থাপনৰ পৰাই ওদালগুৰিৰ স্থানীয় তথা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰত ব্যাপক প্ৰভাৱ পৰা বুলি ব্যৱসায়ীসকলে জনাইছে।