67
ডিমাকুছিঃ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিত দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে বিটিচিত এতিয়াও উন্নয়নৰ নামত চলিছে ব্যাপক অনিয়ম৷ আনকি আঁচনিৰ নামত ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছে৷
জানিব পৰা মতে পানেৰি সমষ্টিৰ কাঁহিবাৰী নদীৰ মথাউৰিৰ বাবে বিটিচি চৰকাৰে ৩ কোটি ১৯ লাখ টকাৰ আঁচনিৰে টকা মোকলাই দিছিল যদিও তিনি বছৰ পিছতো কাম সম্পুৰ্ণ নকৰিলে কামৰ দায়িত্বত থকা ঠিকাদাৰে৷