ডিমাকুছিঃ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিত দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়তে বিটিচিত এতিয়াও উন্নয়নৰ নামত চলিছে ব্যাপক অনিয়ম৷ আনকি আঁচনিৰ নামত ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছে৷ 

জানিব পৰা মতে পানেৰি সমষ্টিৰ কাঁহিবাৰী নদীৰ মথাউৰিৰ বাবে বিটিচি চৰকাৰে ৩ কোটি ১৯ লাখ টকাৰ আঁচনিৰে টকা মোকলাই দিছিল যদিও তিনি বছৰ পিছতো কাম সম্পুৰ্ণ নকৰিলে কামৰ দায়িত্বত থকা ঠিকাদাৰে৷

আনকি এই আঁচনিত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে৷ ঠিকাদাৰে নিম্নমানৰ চিমেন্ট, বালিৰে কাম কৰি অহাৰ কথা জানিব পৰা গৈছে৷ ইয়াকে লৈ কাঁহিবাৰী, গোপছাচুবা, কাক্ৰামাৰী, মাজগাঁও, ঔবাৰীত ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে৷ 

এই নিম্নমানৰ কাৰ্যৰ বাবে অঞ্চলটোত ব্যাপক ক্ষতি হোৱাৰ আশংকা কৰিছে স্থানীয় লোকে৷ এই ক্ষেত্ৰত উচিত পদক্ষেপ হাতত লৈ দুৰ্নীতি পৰায়ন ঠিকাদাৰ, বিষয়া কৰ্মচাৰীক নাকী লগাবলৈ স্থানীয় লোকে চৰকাৰক দাবী জনায়৷