56
ওদালগুৰিঃ বিটিএডিৰ ওদালগুৰি জিলা প্ৰশাসনৰ অৱশেষত গা লৰিল। ৰাজ্য চৰকাৰৰ নিৰ্দেশক একমাত্ৰ নিয়মমাফিক পালন কৰাৰ উদ্দেশ্যেৰে উৰুকাৰ দিনটোত বহিঃৰাজ্যৰ গামোচাৰ বিৰুদ্ধে চলালে অভিযান।
জিলা তথ্য আৰু জনসংযোগ বিভাগে এক বিবৃতি জিলা প্ৰশাসনে জানিবলৈ দি কয় যে শুকুৰবাৰে ওদালগুৰি নগৰখনৰ কেইবাখনো বস্ত্ৰ বিপনীত প্ৰশাসনৰ এটা দলে অতৰ্কিতে অভিযান চলাই বহু পৰিমাণৰ বহিঃৰাজ্যৰ পৰা আমদানীকৃত বহু গামোচা জব্দ কৰে।