newsnextone.com | ওদালগুৰিঃ বহু প্ৰতীক্ষাৰ অন্তত সোমবাৰে প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা। সুদীৰ্ঘ ৩৮ বছৰীয়া সংগ্ৰামৰ অন্তত ৮৫৫ গৰাকী শ্বহীদৰ কেচাঁ তেজৰ বিনিময়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিনটোক ৰাজ্যবাসীয়ে এক ঐতিহাসিক দিন হিচাপে অভিহিত কৰিছে। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ওদালগুৰিতোঁ পুৱা ৯.৪৫ বজাৰ লগে লগে প্ৰশাসনে প্ৰকাশ কৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা। পুৱা ৯.৪৫ বজাৰ লগে লগে জিলা উপায়ুক্তৰ লগতে জিলাখনৰ এনআৰচিৰ দ্বায়িত্বত থকা বিষয়াসকলে ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ দ্বায়িত্বত থকা বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চত বহাৰ পাছতে জিলাখনৰ ৪৫টা এনআৰচি সেৱা কেন্দ্ৰত একে সময়তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ কৰা হয়।
বিভিন্ন মাধ্যমযোগে খচৰাত নিজৰ নাম চাব পৰা ব্যৱস্থা কৰা হেতুকে সেৱা কেন্দ্ৰসমূহত জনসাধাৰণৰ ভিৰ কম হোৱা দেখা গৈছে। ইফালে জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাৰ সৱিশেষ তথ্য প্ৰচাৰ মাধ্যমত প্ৰকাশ নকৰাত সংবাদকৰ্মীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। চূড়ান্ত খচৰা প্ৰকাশৰ পাছতোঁ কি কাৰণত তথ্যসমূহ যোগান নধৰিলে এই সম্পৰ্কে সংবাদ মাধ্যমক কোনো স্পষ্ট কাৰণ দৰ্শোৱাৰ পৰা বিৰত থাকে জিলা প্ৰশাসন। সমগ্ৰ দিনটো বিভিন্ন সংবাদ মাধ্যমৰ লোকসকলে তথ্য লাভ কৰাৰ আশাত জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত অৱস্থান কৰে যদিও বিভাগে কোনো সহাৰি প্ৰদান নকৰাত সংবাদকৰ্মীসকল তাৰ পৰা আতৰি আহে। সাংবাদিকসকলে বিভিন্ন সূত্ৰৰ পৰা জিলাখনৰ কেতবোৰ তথ্য লাভ কৰে।