ওদালগুৰিঃ নৱবৰ্ষৰ প্ৰথম সপ্তাহতে ওদালগুৰিলৈ আহিল সুখবৰ। আকাশী পথৰ মানচিত্ৰত অন্তৰ্ভূক্ত হ’ব ওদালগুৰিৰ নাম। ওদালগুৰিত স্থাপন কৰা হ’ব হেলিপেড। একেসময়তে একেলগে তিনিখনকৈ হেলিকপ্তাৰ অৱতাৰণ কৰিবলৈ সক্ষম হ’ব।
বুধবাৰে এই জৰুৰী থ্ৰী চপাৰ ল্যান্ডিং(হেলিপেড)ৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে। ২০১৬-১৭ আৰু ২০১৭-১৮ বৰ্ষৰ সাচতিয়া পুঁজি(আনটাইড ফাণ্ড)ৰ এক কোটি টকা ব্যয় সাপেক্ষে জিলা সদৰৰপৰা দুই কিল’মিটাৰ উত্তৰে হৰপুৰত নিৰ্মাণ হ’ব এই হেলিপেড। আজি ওদালগুৰি বিএড কলেজৰ চৌহদত জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসৰ সভাপতিত্বত এই সম্পৰ্কে এক সভা অনুষ্ঠিত হয়।