Home ৰাজ্যওদালগুৰিত ১০,০২৬ অৱতীৰ্ণ হৈ ৬৩১৯ জনে কৰে ফেইল, চৰকাৰী স্কুলক নজৰ দিয়াৰ আহ্বান

ওদালগুৰিত ১০,০২৬ অৱতীৰ্ণ হৈ ৬৩১৯ জনে কৰে ফেইল, চৰকাৰী স্কুলক নজৰ দিয়াৰ আহ্বান

by News Desk
53 views
A+A-
Reset

newsnextone.com | ওদালগুৰিঃ ওদালগুৰি জিলাৰ শৈক্ষিক পৰিবেশক লৈ বিভিন্ন লোকে চিন্তাৰ জাহিৰ কৰিছে৷ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফলেৰে ৰাজ্যৰ ভিতৰতে সৰ্বনিম্ন স্থান লাভ কৰা ওদালগুৰি জিলাখনত উত্তীৰ্ণৰ হাৰ আছিল ৩৬.৯৭ শতাংশ। জিলাখনত মুঠ অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ ১০,০২৬ জনৰ ভিতৰত উত্তীৰ্ণ হয় মাথো ৩,৭০৭ গৰাকী। সচেতন মহলে সকলো পক্ষক শিক্ষাৰ প্ৰতি নজৰ ৰাখিবলৈ আহ্বান জনাইছে৷

ওদালগুৰিৰ দুটা মূখ্য পৰীক্ষা কেন্দ্ৰ ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৪২.৬৪ শতাংশ আৰু ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত ৩৭.১৫ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হয়। এইবাৰৰ ফলাফলত ওদালগুৰি সদৰত চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগতখণ্ডৰ বিদ্যালয়ে আধিপত্য বিস্তাৰ কৰা দেখা গ’ল। চহৰখনৰ মূল চৰকাৰী বিদ্যালয়সমূহৰ ভিতৰত বাহিনীগাঁও হাইস্কুল সংযোগী ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ অৱতীৰ্ণ ১৪৯ গৰাকীৰ বিপৰীতে উত্তীৰ্ণ হয় মাত্ৰ ৪৯ গৰাকী, ইয়াৰে ১১গৰাকীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0