ওদালগুৰিঃ দৰিদ্ৰতাৰ প্ৰাচীৰ ভাঙি জিলিকিল ওদালগুৰিৰ দুই সন্তান হিমাংশু চৌধুৰী আৰু দেৱব্ৰত দাস। অধ্যাৱসায় আৰু মনোবল থাকিলে যে দৰিদ্ৰতাইও হেঙাৰ হ’ব নোৱাৰে তাৰেই এক উদাহৰণ ওদালগুৰিৰ এই দুই শিক্ষাৰ্থী। কালি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ওদালগুৰিৰ অতি দৰিদ্ৰ পৰিয়ালৰ দুই ছাত্ৰ গোলমা গাঁও হাইস্কুলৰ হিমাংশু চৌধুৰী আৰু শংকৰদেৱ মিচন হাইস্কুলৰ দেবব্ৰত দাসে সুখ্যাতিৰে উত্তীৰ্ণ পৰিয়াল তথা অঞ্চলৱাসীলৈ গৌৰৱ কঢ়িয়াই আনে।
আনৰ ঘৰত ৰঙৰ কামেৰে দিনহাজিৰা কৰি কোনোমতে সংসাৰখন পোহপাল দি থকা ওদালগুৰি গোলমাগাঁওৰ প্ৰভাত চৌধৰীৰ পুত্ৰ হিমাংশুৱে পাঁচটা বিষয়ত লেটাৰ নম্বৰসহ ৮৩ শতাংশ লাভ কৰে। প্ৰাপ্ত নম্বৰ অনুসৰি তেওঁ মাতৃভাষা অসমীয়াত ৮৬ নম্বৰ, ইংৰাজীত ৬০ নম্বৰ, সাধাৰন গনিতত ৯৫ নম্বৰ, সাধাৰন বিজ্ঞানত ৮১ নম্বৰ, সমাজ বিজ্ঞানত ৮৯ নম্বৰ আৰু হিন্দীত ৮৭ নম্বৰসহ মুঠ ৪৯৮ নম্বৰ লাভ কৰে। গোলমাগাঁও হাইস্কুলৰপৰা অৱতীৰ্ণ হোৱা ছাত্ৰজনৰ এনে সাফল্যই পৰিয়াল, বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনে।