অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ এক ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনাৰ পাছতে ওদালগুৰিৰ ৰঙাগড়া গাঁওত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। গাঁওখনৰ সমীপৰ জয়বাংলা গাঁওত অবৈধভাৱে বিক্ৰী কৰা সুৰা, জুৱা ইত্যাদিৰ বাবে এই হত্যাকাণ্ডৰ অভিযোগ গাঁওৱাসীৰ। গাঁওৰ মহিলাসকলে প্ৰতিবাদী সমদলেৰে আহি ভাঙি পেলালে জয়বাংলা গাঁওৰ মদ প্ৰস্তুতকাৰী সামগ্ৰী। 

ৰাঙাগড়া গাঁওৰ শতাধিক মহিলাই সোমবাৰে ৰণচণ্ডী ৰূপ ধাৰণ কৰিলে ওদালগুৰিৰ দক্ষিণত অৱস্থিত জয়বাংলা গাঁওত। গাঁওখনত কেইবাটাও বাসগৃহত মহিলাৰ দলটোৱে প্ৰৱেশ কৰি ভাঙি পেলালে এটাৰ পাছত আনটো অৱৈধ সুৰা প্ৰস্তুতকাৰী লোকৰ বাচন-বৰ্তনৰ লগতে সুৰা প্ৰস্তুতকাৰী বিভিন্ন সামগ্ৰী। 

কেৱল মহিলাই নহয়, ৰাঙাগড়া গাঁওখনৰ একাংশ পুৰুষেও অংশ ল'লে এই মদ বিৰোধী অভিযানত। কি বাসগৃহ, কি চোতাল, কি কলগছৰ খেতি, কি ইটাৰ দম, সকলোতে কেৱল মদ আৰু মদ। স্থানীয় সুৰাৰপৰা আৰম্ভ কৰি বিদেশী সুৰালৈ সকলো এফালৰপৰা ধ্বংস কৰি গৈছে পুৰুষ-মহিলাৰ দলটোৱে। 

একপ্ৰকাৰ দলটোৰ মহিলাসকলে ধাৰণ কৰিছে ৰূদ্ৰমুৰ্তি। কিন্তু কিয় এনেদৰে হঠাৎ মদবিৰোধী অভিযানত নামিল গাঁওখনৰ পুৰুষ মহিলাসকল? জানিব পৰা মতে, যোৱা দেওবাৰে নিশা সংঘটিত এক ৰহস্যজনক হত্যাকাণ্ডৰ বাবে ওদালগুৰিৰ ৰঙাগড়া গাঁওখনৰ লোকসকল আজি ক্ষোভত ফাটি পৰিছে। 

ঘটনাৰ বিৱৰণী অনুসৰি ৰাঙাগড়া গাঁওৰ সুভাষ বড়ো নামৰ যুৱক এজনে কালি গাঁওখনৰ সমীপৰে জয়বাংলা নামৰ গাঁওত জুৱা খেলিবলৈ গৈছিল। তেনে সময়ত পূৰ্ৱৰে পৰা উক্ত অঞ্চলত জুৱা খেলি থকা কেইজনমান যুৱকৰ সৈতে সুভাষ বড়োৰ কিবা কাৰণত হতাহতি হয়। পাছত সুভাষে জুৱা খেল সামৰি নিশা প্ৰায় ১২ বজাত আন এজন যুৱকৰ সৈতে মটৰ চাইকেলেৰে নিজ ঘৰ অভিমুখে আহি আছিল। তেনে অৱস্থাত জুৱাস্থলীত থকা যাঠি বড়ো আৰু আন এজন যুৱক আহি সুভাষ বড়োৰ মটৰ চাইকেলত প্ৰচণ্ড জোৰে খুন্দা মৰাত সুভাষ বড়ো পৰি যায়। 

ইয়াৰ পাছত মটৰ চাইকেলেৰে অহা যুৱক দুজনে সুভাষ বড়োক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰাত সুভাষ বড়োৰ মৃত্যু হয় যদিও সুভাষ বড়োৰ লগত থকা যুৱকজনে নিজৰ প্ৰাণ ৰক্ষা কৰি ঘটনাস্থলীৰপৰা পলায়ণ কৰি সুভাষৰ বাসগৃহত খবৰটো জনায়। সুভাষৰ মৃতদেহৰ ওদালগুৰি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয়। 

দেওবাৰে নিশা সংঘটিত এই ঘটনাৰ পাছতে আজি সুভাষ বড়োৰ গাঁওত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। গাঁওৰ ৰাইজ তথা মহিলাসকল ওলাই আহিল সমীপৰে জয়বাংলা গাঁওত সংঘটিত মদ, জুৱা তথা অবৈধ কামৰ বিৰুদ্ধে। ৰাইজৰ দলটোৱে জয়বাংলা গাঁওখনৰ অবৈধ মদৰ ঘাটিসমূহ ধ্বংস কৰি পেলায়৷

ইফালে, সাংবাদিৰ আগত সমূহ গাঁওৱাসীয়ে উক্ত হত্যাকাণ্ডত জড়িত যাঠি বড়ো আৰু আন সতীৰ্থগৰাকীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলি ওদালগুৰি জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে। উক্ত ঘটনা সন্দৰ্ভত সুভাষ বড়োৰ পৰিয়ালৰ লোকে ওদালগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ কথা জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে অভিযান।