ওদালগুৰিঃ আগন্তুক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়তে কূটাঘাটমুলক কাৰ্যকলাপ সংঘটিত কৰাৰ উদ্যেশে ৰাজ্যৰ সীমামুৰীয়া অঞ্চলসমুহত উগ্ৰপন্থী সংগঠন সমুহৰ তৎপৰতা বৃদ্ধি পোৱাত ভাৰতীয় সেনাই অভিযান চলাই আটক কৰিছে ওদালগুৰিৰ খৈৰাবাৰিত NDFBৰ কেডাৰ৷
ধৃত NDFB জনৰ নাম মুক্তা বড়ো(30)৷ ধৃত কেডাৰজনৰ পৰা এটা 7.65 MMপিস্টল, 4জাই সজিব গুলি আৰু এটা মেগজিন উদ্ধাৰ কৰিছে সেনাই৷ বৰঙাজুলি স্হিত 14 ডোগ্ৰা (ৰেজিমেণ্ট) সেনাই এক গোপন সুত্ৰৰ পমখেদি ওদালগুৰি জিলাৰ চিনাকোনাৰ পৰা খৈৰাবাৰীলৈ আহি থকা অবস্থাত আটক কৰে মুক্তা বড়োক৷