ওদালগুৰিঃ ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মিলনী, ওদালগুৰি জিলা আক্ৰাছু আৰু ওদালগুৰি জিলা কোচ ৰাজবংশী মহিলা সন্মিলনীৰ উদ্যোগত সোমবাৰে ওদালগুৰি চহৰৰ মাজমজিয়াৰ বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত এক বিশাল গণ সমাৱেশ আয়োজন কৰা হয়।
জনগোষ্ঠীটোৰ প্ৰায় তিনি সহস্ৰাধিক লোকে হাতে হাতে বিভিন্ন প্লেকাৰ্ড লৈ “কেন্দ্ৰীয় চৰকাৰ হায় হায়, কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰক, আমাক জনজাতিকৰণ প্ৰদান কৰক, আমাক লাগে পৃথক কমতাপুৰ, নো কমতাপুৰ নো ৰেষ্ট, জনজাতিকৰণ অৱিহনে ক্ষান্ত নহও” ইত্যাদি শ্ল’গান প্ৰদান কৰি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।