68
ওদালগুৰিঃ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ অন্তত শুকুৰবাৰে ওদালগুৰিত সামৰণি পৰিল শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ। বিগত বুধবাৰৰপৰা অনুষ্ঠিত হোৱা এই দৌল মহোৎসৱখনিৰ আজি সামৰনি পৰে। বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি বুধবাৰে সন্ধিয়া গন্ধোৎসৱ অনুষ্ঠিত হয়। পুৱা নিত্য নাম-প্ৰসঙ্গৰ পাছত গন্ধোৎসৱৰ সন্ধিয়া কলীয়া গোসাঁইক সত্ৰৰ মণিকূটৰপৰা সত্ৰৰ চোতাললৈ উলিয়াই আনি এখন শৰাইৰ ওপৰত ৰখা হয়।
