69
অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। নিশাৰ ভাগত হাতীৰ প্ৰকাণ্ড জাকসমূহে গাঁও অঞ্চলত প্ৰৱেশ কৰি খেতি-বাতি তহিলং কৰাৰ লগতে বাসগৃহ লণ্ড-ভণ্ড কৰে।
যাৰ ফলত বিভিন্ন সময়ত শুৱা পাটীতে প্ৰাণ যায় গঞা ৰাইজৰ। কেৱল ৰাতিয়েই নহয়, দিন দুপৰতে বন্যহস্তীৰ জাকসমূহে জনাঞ্চলত প্ৰৱেশ কৰা ঘটনা নিত্য নৈমিত্তিক ঘটনাৰূপে পৰিণত হৈছে।