ওদালগুৰিঃ এছ এছ বিত কৰ্মৰত এজন জোৱানে সৰ্বনাশ কৰিলে ওদালগুৰিৰ এগৰাকী নাবালিকাৰ। পিতৃ-মাতৃৰ দৰিদ্ৰতা আৰু দায়িত্বহীনতাৰ বাবেই এনেদৰে সৰ্বনাশৰ সন্মুখীন হ’বলগীয়াত পৰে নাবালিকাগৰাকী। দৰা-কইনা খেলি ৰাজকুমাৰৰ সপোন দেখা বয়সতে নাবালিকাগৰাকীৰ গৰ্ভত থিতাপি লৈছে আন এক প্ৰাণে। চিকিৎসালয়ৰ বিছনাত এতিয়া ৮মহীয়া অন্তসত্বা নাবালিকাগৰাকীয়ে চৌদিশে দেখিছে অন্ধকাৰ।
৪ বছৰ পূৰ্বৰ কথা। গাওখনৰ সমীপত থকা এছ এছ বিৰ এজন জোৱান এজনৰ সৈতে সু-সম্পৰ্ক গঢ়ি উঠে এম মুৰ্মু (নাম সলনি কৰা হৈছে) নামৰ লোকজনৰ। জোৱানজনৰ সৈতে এদিন উক্ত গাঁওখনলৈ আহে উক্ত বাহিনীত কৰ্মৰত অৰুণাচলৰ টাডাক নিছো নামৰ এজন লোক। এছ এছ বি জোৱানজনে উক্ত বাহিনীত কৰ্মৰত টাডাকক মুৰ্মূৰ সৈতে চিনাকি কৰাই দিয়ে।