♦ এশ শতাংশ উত্তীৰ্ণ হাৰেৰে উজ্বলিল এছপায়াৰ মহাবিদ্যালয়

অঞ্জনজ্যোতি শৰ্মা, ওদালগুৰিঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমান্তৰালকৈ উচ্চতৰ মাধ্যমিকতো আশানুৰূপ ফলাফলৰপৰা বঞ্চিত হয় ওদালগুৰি জিলা। 

আজি ঘোষিত ফলাফল অনুসৰি জিলাখনত উত্তীৰ্ণৰ হাৰ কলা শাখাত ৬২.০১ শতাংশ, বাণিজ্য শাখাত ৮৭.১৫ শতাংশ আৰু বিজ্ঞান শাখাত ৭৯.৫৫ শতাংশ। 

এইবাৰ ওদালগুৰি জিলাখনৰ ভিতৰত মুঠ ৫,৭১০ গৰাকী শিক্ষাৰ্থীয়ে কলা শাখাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ভিতৰত ৪০৪ গৰাকীয়ে প্ৰথম বিভাগ, ১০৩৫ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২১০২ গৰাকীয়ে তৃতীয় বিভাগসহ মুঠ ৩৫৪১ গৰাকী উত্তীৰ্ণ হয়। 

একেদৰে ২৪৯ গৰাকী শিক্ষাৰ্থী বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল। ইয়াৰে ভিতৰত ৪৫ গৰাকীয়ে প্ৰথম বিভাগত, ৮০ গৰাকীয়ে দ্বিতীয় বিভাগত আৰু ৯২ গৰাকীয়ে তৃতীয় বিভাগসহ ২১৭ গৰাকী উত্তীৰ্ণ হয়। আনহাতে জিলাখনৰ ভিতৰত ৬১৬ গৰাকী শিক্ষাৰ্থী বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিল। 

ইয়াৰে ভিতৰত ১৭৭ গৰাকীয়ে প্ৰথম বিভাগ, ২৪৫ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৬৮ গৰাকী তৃতীয় বিভাগসহ মুঠ ৪৯০ গৰাকী উত্তীৰ্ণ হয়। উল্লেখ্য যে ওদালগুৰি জিলা সদৰৰ ব্যক্তিগত এছপায়াৰ কণিষ্ঠ মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ আছিল এশ শতাংশ। 

ইয়াৰে ভিতৰত ইয়াৰে ভিতৰত দুগৰাকীৰ ষ্টাৰমাৰ্কসহ ১০ গৰাকীয়ে প্ৰথম বিভাগ ১৬ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৮ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈ মহাবিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনে। সামগ্ৰিকভাৱে চাবলৈ গ'লে আশানুৰূপ নহ'ল জিলাখনৰ উত্তীৰ্ণৰ হাৰ।