newsnextone.com | ওদালগুৰিঃ অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰী সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। যোৱা ১৮ জুলাইত হস্তাক্ষৰ নমুনা সংগ্ৰহৰ বাবে ২০১৬ চনৰ ১৯ গৰাকী এচিএছ আৰু এপিএছক অসম আৰক্ষীৰ কাহিলিপাৰাৰ বিশেষ শাখালৈ মাতি আনি গ্ৰেপ্তাৰ কৰাৰ পিছতে পুনৰ এইবাৰ মধ্যভোগী ধৰিবলৈ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।
২২ জুলাইত মঙলদৈ আৰু গুৱাহাটীত ডিব্ৰুগড় আৰু অসম আৰক্ষীৰ বিশেষ শাখাই অভিযান চলাই চাকৰি দিয়া মধ্যভোগীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা দুজন লোকৰ মাজত এজন লোক বিজেপিৰ নেতা বুলি জানিব পৰা গৈছে। নিশা মঙলদৈ চহৰত অভিযান চলাই মঙলদৈ আৰক্ষীৰ সহযোগত শৈলেন শৰ্মা বৰুৱা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, শৈলেন শৰ্মা ৰাকেশ পালৰ জৰিয়তে ধনৰ বিনিময়ত কেইবাগৰাকী প্ৰাৰ্থীক চাকৰি দিয়াই নহয় ন্যায়াধীশক মেনেজ কৰিব খুজুছুল বুলি অভিযোগ উত্থাপন হয়। ইয়াৰ লগতে শৈলেন শৰ্মা মঙলদৈ বিধায়ক গুৰুজ্যোতি দাসৰ বিশ্বস্ত।