ওৰাংঃ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ উন্নয়ণৰ বাবে ন’ ন’ আঁচনি ৰূপায়ণ কৰিলেও গ্ৰাম্য অঞ্চলত স্বাস্থ্য খণ্ডৰ এটা দূখ লগা ছবি দেখা যায়৷
তাৰ মাজতে মঙলবাৰে পুৱা ওদালগুৰি জিলাৰ ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বাচু মাহাটোৱে প্ৰাতঃভ্ৰমণ কৰিবলৈ গৈ নিজৰ শাৰীৰিক অসুস্থতা অনুভব কৰি ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় যদিও চিকিৎসালয়ত মোক বচোৱা বচোৱা বুলি চিঞৰি থকাৰ পাছতো কোনো লোকে গুৰুত্ব প্ৰদান নকৰাত শিক্ষকগৰাকীয়ে মৃত্যুক আকোৱালি লোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷