ওদালগুৰিঃ আপুনি যদি ওদালগুৰি জিলাৰ ৰোগী তেন্তে ঔষধ কিনোতে সাৱধান৷ আপোনাৰ চহৰ ওদালগুৰি ম্যাদ উকলা ঔষধ বিক্ৰী কৰিব পাৰে আপোনাক৷ ম্যাদ উকলা ঔষধ বিক্ৰী কৰিলে ধৰোতা কোনো নাই বাবেই বিক্ৰী কৰি আহিছে তেনে ঔষধ৷
আমাৰ ৰাজ্যত অসম্ভৱ একো নাই৷ এতিয়া সকলোৱে সম্ভৱ৷ কেতিয়াবা যদি শিশুৰ ম্যাদ উকলা ঔষধ বিক্ৰী আন কেতিয়াবা আকৌ প্ৰসূতিৰ বাবে ম্যাদ উকলা পুষ্টিকৰ খাদ্য বিতৰণ কৰাৰ অভিযোগ উত্থাপন হয় আমাৰ ৰাজ্যত৷ শেহতীয়াকৈ ওদালগুৰিত স্বাস্থ্য বিভাগৰ নগ্নতাৰ এটা দিশ পোহৰলৈ আহিছে। এইবাৰ স্বাস্থ্য বিভাগৰ কৃপাত ফাৰ্মাচীত উদ্ধাৰ হ’ল ম্যাদ উকলা ঔষধ।