newsnextone.com | ওদালগুৰিঃ যোৱা ১৩টা দিনেই এটা ডতাইতি কাণ্ডৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। ডকাইত ধৰিবলৈ অভিযান চলাই সফল হৈছে অসম আৰক্ষীয়ে। আৰক্ষীৰ এটা দলে যোৱা ১৩ দিনেই অভিযান চলাই এটা ডকাইতৰ দলৰ সৈতে জৰিত যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে, ওদালগুৰি জিলাৰ অম্বাগাঁৱৰ বটাবাৰী দলঙৰ সমীপত বিগত ২৩ জুলাইত দিন-দুপৰতে সংঘটিত হৈছিল এক ডকাইতি কাণ্ড। তেল ডিপো কৰ্মচাৰীৰ পৰা ধন লুটি নিছিল ডকাইতে। হৰিশিঙা তেল ডিপোৰ পৰা দুই কৰ্মচাৰীয়ে ৭.৭০ লাখ টকাসহ মটৰ চাইকেলেৰে ওদালগুৰিলৈ আহি আছিল। সেই সময়তে কৰ্মচাৰী দুজন আহি অম্বাগাঁৱৰ সমীপৰ বতাবাৰীৰ কাঠৰ দলংখন পোৱাৰ সময়তে মটৰ চাইকেলেৰে খাপ পিটি থকা দুৰ্বৃত্তই কৰ্মচাৰী দুজনৰ চকুত জলকীয়াৰ গুৰি ছটিয়াই। ফলত কৰ্মচাৰী দুজনে বাইক ৰখাবলৈ বাধ্য হয়।