newsnextone.com | ওদালগুৰিঃ সদৌ ওদালগুৰি জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, বিটিচি অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু ওদালগুৰি জিলা হৰিজন সন্মিলনীৰ সহযোগত ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত বৃহস্পতিবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি ডি-ভোটাৰৰ সমস্যা সমাধান কৰাৰ দাবী জনায়৷ NRCত অনুসূচিত লোকসকলক অন্তৰ্ভুক্ত কৰা, ভূমিহীন অনুসূচিত লোকক চৰকাৰী ভূমি আৱণ্টন দিয়া আদিৰো দাবী উত্থাপন কৰে৷

শতাধিক লোকৰ উপস্থিতিত হাতে হাতে প্লে-কাৰ্ড লৈ হিন্দু বাংলাদেশীৰ নামত অনুসূচিত জাতিৰ লোকক হাৰাশাস্তি বন্ধ কৰক, ডি ভোটাৰৰ সমস্যা সমাধান কৰক, ট্ৰাইবেল বেল্ট-ব্লকৰ ভূমিত বসবাস কৰা অনুসূচিত লোকক ভূমিপট্টা প্ৰদান কৰক, বিটিচি চৰকাৰ হায় হায়, ৰাজ্য চৰকাৰ হায় হায় আদি শ্ল’গান প্ৰদান কৰে। প্ৰতিবাদী কাযসূচীত সহযোগ কৰিছিল ভাৰত মুক্তি মৰ্চা নামৰ এটি সংগঠনে।

ভাৰত মুক্তি মৰ্চা নামৰ এটি সংগঠনৰ ৰাজ্যিক সভাপতি জয়ন্ত মোহন দাসে সদৌ অসম ছাত্ৰ সন্থাক তীব্ৰ সমালোচনা কৰে৷ ভাৰত মুক্তি মৰ্চা নামৰ এটি সংগঠনৰ নেতাগৰাকীয়ে বিদেশী বহিষ্কাৰ আন্দোলনক মিছা আন্দোলন আখ্যা দিয়ে৷ এই মিছা ষড়যন্ত্ৰৰ ফলত ৮৫৫ গৰাকী লোক মিছাতে মৃত্যু হোৱা বুলি দাবী কৰে৷ ইমানে নহয় বৰ্তমান ৰাজ্যত আছুৱে এনআৰচিৰ নামত এখন মুকলি ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন কৰে। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক বাংলাদেশী আখ্যা দিয়ে সংগঠনটোৱে।

প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ সময়তে নিজৰ ভাষণ প্ৰসংগত ভাৰত মুক্তি মৰ্চাৰ ৰাজ্যিক সভাপতি জয়ন্ত মোহন দাসে সোচ্চাৰ হৈ পৰে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ বিৰুদ্ধে। আনকি তেওঁ বিদেশী বহিষ্কাৰ আন্দোলনক অপমান কৰি এই আন্দোলন এক মিছা আন্দোলন বুলি অভিহিত কৰি এই আন্দোলনত হোৱা শ্বহীদসকলক ষড়যন্ত্ৰ কৰি মৃত্যুৰ মুখলৈ নিয়া বুলি বাৰে বাৰে দাবী কৰে৷ সেই সময়ৰ আন্দোলনৰ নেতৃত্বত থকা স্বৰ্গীয় ভৃগু কুমাৰ ফুকন আৰু প্ৰাক্তন মূখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে আন নেতৃত্বক ক্ষুৰধাৰ সমালোচনা কৰে।

সংবাদ মাধ্যমৰ সন্মুখত জয়ন্ত মোহন দাসে কয় যে বৰ্তমান আছুৱে এনআৰচিৰ নামত ৰাজ্যত এখন ব্যৱসায় চলাই আছে। এনআৰচিৰ নামত যিসকল লোকলৈ জাননী আহি আছে এই সমূহ কাৰ্যতে আছুৰ সদস্য জৰিত হৈ থকা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। যিসকল লোকৰ নাম এনআৰচিৰ প্ৰথম খচৰাত নাই তেওঁলোকৰ পৰা ভাবুকি দি আছু কৰ্মীসকলে ধনদাবী কৰাৰ কথাও উল্লেখ কৰে।

এসময়ত সমুজ্জ্বল ভট্টাচাৰ্যক অবৈধ বাদেশী বুলি পুৰ্বে এটা সংগঠনে দাবী কৰাৰ পাছত কিয় তেওঁ একো প্ৰত্যুত্তৰ দিয়া নাছিল বুলি সমুজ্জ্বল কুমাৰ ভট্টচাৰ্যক উভতি ধৰে৷ নেতাগৰাকীয়ে কোনো প্ৰত্যুত্তৰ দিয়া নাছিল গতিকে ভট্টাচাৰ্য এগৰাকী অবৈধ বাংলাদেশী হ’ব পাৰে বুলি আছুৰ মুখ্য উপদেষ্টাগৰাকীক সমালোচনা কৰে জয়ন্ত মোহন দাসে। 

ইফালে প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি যুগল কিশোৰ বনিয়াই তেওঁলোকৰ দাবীসমূহ শীঘ্ৰে পূৰণৰ বাবে চৰকাৰক দাবী জনোৱাৰ লগতে দাবীসমূহ পূৰণ নহ'লে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে। কাৰ্যসূচীত উপস্থিত থাকে বিটিচি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ সৰকাৰ, হৰিজন সন্মীলনীৰ বিষয়-ববীয়াৰ লগতে বহু লোক। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তলৈ বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।