ওদালগুৰিঃ উত্তপ্ত হৈ পৰিছে বিটিএডিৰ ওদালগুৰি৷ বিটিএডিত অবড়োৰ ভূমিৰ অধিকাৰ খৰ্ব কৰা বুলি অভিযোগ উত্থাপন কৰি কেইবাটাও সংগঠনে প্ৰতিবাদ কৰিব অহাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি হয়৷ যাৰ ফলত উত্তপ্ত হৈ পৰিছে বিটিএডিৰ ওদালগুৰি চহৰ৷
বিটিএডিত অবড়োৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাত নামনি অসমৰ ৰাজপথ উত্তাল হ’ব ধৰিছে৷ বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে ওদালগুৰিত কেইবাটাও সংগঠনে হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি দাহ কৰিব অহাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷