লংকাঃ পৰিৱৰ্তনকামী মিত্ৰজোঁট চৰকাৰে অসমৰ স্বাস্থ্য বিভাগক উন্নত কৰাৰ কথা কৈ আহিছে। অসমৰ বৰ্তমানৰ স্বাস্থ্য মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সমগ্ৰ অসমতে চিকিৎসাৰ সু-ব্যৱস্থা কৰাৰ কথা বিভিন্ন সময়ত কৈ আহিছে। কিন্তু প্ৰকৃততে অসমৰ স্বাস্থ্য খণ্ডত কিবা পৰিবৰ্তন হৈছে জানো? এই মুহূৰ্তত এয়াই হৈ পৰিছে এক ডাঙৰ প্ৰশ্ন। এই প্ৰশ্ন কৰিছে হোজাই জিলাৰ লংকাৰ উদালী অঞ্চলৰ ৰাইজে।
উদালী, নখুটি, কাকীকে আদি কৰি এক বৃহত্তৰ অঞ্চলৰ ৰাইজে অতীজৰে পৰা চিকিৎসা ব্যৱস্থাৰ বাবে বহু কষ্ট মূৰ পাতি ল’ব লগা হৈ আহিছে। উন্নত মানৰ চিকিৎসাৰ বাবে বাটকুৰি বাই অতিক্ৰম কৰি হোজাই অথবা নগাঁওলৈ যাবলগা হয়।