বিহালীঃ সোমবাৰে বিশ্বনাথৰ জিনজিয়া চাহ বাগিচাৰ নীলবাৰী লাইনৰ শ্ৰীশ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰ প্ৰাংগণত উড়িযা সমাজে পৰম্পৰাগতভাৱে ‘নোৱা খাই’ উৎসৱ পালন কৰে৷ ‘নোৱা খাই’ উৎসৱৰ সৈতে সংগতি ৰাখি দ্বিতীয় বাৰ্ষিক উড়িযা নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। নৃত্য প্ৰতিযোগিতাত মোনাবাৰী, ব্ৰহ্মাজান, মোনাবাৰী নিমবাৰী লাইন, জিনজিয়া চাহ বাগিচা, ডফলাগড় আৰু মাজলিগড় উড়িযা নৃত্য প্ৰতিযোগি দলে অংশ গ্ৰহণ কৰে।
প্ৰতিযোগী দলৰ মাজৰ পৰা শ্ৰেষ্ঠ মুহৰীয়া হিচাপে মেঘনাথ তাঁতী, শ্ৰেষ্ঠ লিছনীয়া পৰমেশ্বৰ দ্বীপ, শ্ৰেষ্ঠ নাচনী নিচা তাঁতী, শ্ৰেষ্ঠ গায়ক বিনঙ্গ কুমাৰ, শ্ৰেষ্ঠ ঢুলীয়া কিচান চনাক বিবেচিত কৰে৷ আনহাতে মোনাবাৰী চাহ বাগিচাই প্ৰথম, ডফলাগড চাহ বাগিচাই দ্বিতীয়, মোনাবাৰী নীমবাৰী লাইনে তৃতীয় স্থান দখল কৰাৰ লগতে নিচুকণী বঁটা লাভ কৰে ব্ৰহ্মাজান চাহ বাগিচাই।