নতুন দিল্লীঃ বিশ্ববিদ্যালয় আৰু অনান্য শৈক্ষিক প্ৰতিষ্ঠানসমূহে প্ৰদান কৰা ডিগ্ৰীৰ প্ৰমাণপত্ৰৰ সৈতে ফটোগ্ৰাফ আৰু আধাৰ কাৰ্ড সংযোজিত কৰাৰ নিৰ্দেশ জাৰী কৰিছে বিশ্ববিদ্যালয় অনুদান আয়োগে। তদুপৰি ভুৱা ডিগ্ৰী যাতে কোনো দিব নোৱাৰে, তাৰবাবে প্ৰমাণপত্ৰৰ সৈতে সুৰক্ষাজনিত প্ৰযুক্তিৰ কথাও বিবেচনা কৰাৰ বাবে নিৰ্দেশ দিছে। 

এই সন্দৰ্ভত আয়োগে বিশ্ববিদ্যালয়মূহক প্ৰেৰণ কৰা পত্ৰত এই কথা উল্লেখ কৰা হৈছে যে এনে ফটোগ্ৰাফ আৰু আধাৰ নম্বৰ সংযোজিত নতুন পৰিচয় প্ৰণালীৰ জৰিয়তে নকল প্ৰমাণপত্ৰ ধৰা পেলোৱাৰ লগতে শৈক্ষিক প্ৰণালীও উন্নত কৰিবপৰা যাব।