ৰঙিয়া/নামতিঃ দেশৰ চৰকাৰে ৰূপায়ন কৰা গ্ৰাম স্বৰাজ অভিযানৰ অধীনত শুকুৰবাৰে সমগ্ৰ দেশৰ লগতে অসমতো বিভিন্ন প্ৰান্তত উজ্জ্বলা দিৱস পালন কৰা হয়৷ ৰাজ্যৰ খনৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো আজি কেন্দ্ৰীয় চৰকাৰৰ উজ্জলা আঁচনিৰ বৰ্ষপুতি উপলক্ষে উজ্জলা দিৱস পালন কৰা হয়৷
এই উপলক্ষে ৰঙিয়াৰ ইণ্ডেন গেছ এজেন্সীৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা, ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈ, ইণ্ডিয়ান অইলৰ ন’ডেল বিষয়া অৰুণ চাক্সেনা আৰু অভিষেক সিং চৌধুৰী।