ৰঙিয়া/নামতিঃ দেশৰ চৰকাৰে ৰূপায়ন কৰা গ্ৰাম স্বৰাজ অভিযানৰ অধীনত শুকুৰবাৰে সমগ্ৰ দেশৰ লগতে অসমতো বিভিন্ন প্ৰান্তত উজ্জ্বলা দিৱস পালন কৰা হয়৷ ৰাজ্যৰ খনৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো আজি কেন্দ্ৰীয় চৰকাৰৰ উজ্জলা আঁচনিৰ বৰ্ষপুতি উপলক্ষে উজ্জলা দিৱস পালন কৰা হয়৷

এই উপলক্ষে ৰঙিয়াৰ ইণ্ডেন গেছ এজেন্সীৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা, ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈ, ইণ্ডিয়ান অইলৰ ন’ডেল বিষয়া অৰুণ চাক্সেনা আৰু অভিষেক সিং চৌধুৰী।

ভাষণ প্ৰসংগত সাংসদ ডেকাই কয় যে ৰঙিয়া বিধান সভা সমষ্টিৰ সাত হাজাৰ দৰিদ্ৰ পৰিয়ালৰ মাজত প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা আঁচনিৰ অধীনত ৰন্ধন গেছৰ চৌকা আৰু গেছ চিলিণ্ডাৰ বিতৰণ কৰা হ’ব। অনুষ্ঠানত একাংশ দৰিদ্ৰ হিতাধিকাৰীৰ মাজত আঁচনিখনৰ অধীনত ৰন্ধন গেছৰ নতুন সংযোগ বিতৰণ কৰা হয়৷

অনুষ্ঠানত বিধায়ক ভৱেশ কলিতা আৰু ইণ্ডিয়ান অইলৰ দুয়োগৰাকী বিষয়াই ৰন্ধন গেছৰ সঠিক ব্যৱহাৰ কিদৰে কৰিব লাগে তাৰ বিষয়ে আভাষ দিয়ে৷ অইলৰ দুয়োগৰাকী বিষয়াই গেছ লিক হ’লে কি ব্যৱস্থা হাতত ল’ব লাগে তাৰ বিষয়ে অনুষ্ঠানত অৱগত কৰাৰ উপৰিও বিপদৰ আশংকা পালে ইণ্ডিয়ান অইলৰ ট’ল ফ্ৰি নম্বৰত যোগাযোগ কৰিবলৈ সকলোকে আহ্বান জনায়। আজিৰ এই উজ্বলা দিৱসৰ অনুষ্ঠানত দহগৰাকী দৰিদ্ৰ হিতাধিকাৰীক ৰন্ধন গেছৰ সংযোগ আৰু যাবতীয় সা-সামগ্ৰী বিতৰণ কৰা হয়। 

নামতিত ‘নন্দিতা ইণ্ডেন গ্ৰামীণ বিতৰক’ আৰু ‘নম্রতা গেছ চাৰ্ভিছৰ’ উজ্জ্বলা দিৱস

NNO নামতিঃ শিৱসাগৰ জিলাৰ নামতি অঞ্চলৰ বিভিন্ন প্ৰান্তটো উজ্জ্বলা দিৱস দিনযোৰা কার্যসূচীৰে পালন কৰা হয়। নামতি লদৈগড় ৰাজহুৱা ভৱনত ‘নন্দিতা ইণ্ডেন গ্ৰামীণ বিতৰক’ উদ্যোগত প্ৰাক্তন অধ্যক্ষ ৰাজেন বৰাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়।

দৰিদ্ৰ সীমাৰেখাৰ তলৰ বাস সাধাৰণ, অতি পিছপৰা, অনুসূচিত জাতি, জনজাতি আদি মহিলা সকলক ৰন্ধন গেছৰ সংযোগ দিয়াৰ উদ্দেশ্যে পালন কৰা এই উজ্জ্বলা দিৱসত উপস্থিত থাকি এল. পি. জিৰ গ্রাহক সেৱা বিষয়া, তিনিচুকীয়া এৰিয়া বিষয়া জিনুমণি বৰুৱাই গ্ৰাম স্বৰাজ অভিযানৰ যোগে প্ৰদূষণ মুক্ত ভাৰত গঢ়াৰ লক্ষ্য ওপৰত বক্তব্য ৰাখে। এল. পি. জি ব্যৱহাৰ আৰু সুৰক্ষাৰ বিষয়ে বক্তব্য ৰাখি মহিলা সকলৰ জীৱন যাপনৰ মান উন্নত কৰাত কেন্দ্ৰীয় চৰকাৰে লোৱা এই আঁচনিৰ যোগেদি দৰিদ্ৰ পৰিয়াল বিলাক উপকৃত হ’ব বুলি কয়। 'চবকা চাথ চবকা বিকাশ' শ্ল'গানেৰে দেশৰ সকলো গাঁও ধোৱা মুক্ত কৰিবলৈ ঘৰে ঘৰে এল. পি. জিৰ সংযোগ দিয়াৰ পৰিকল্পনাৰ বিষয়ে বিষয়া গৰাকীয়ে উল্লেখ কৰে।

বৃহত্তৰ নামতি অঞ্চলৰ দৰিদ্ৰ মহিলা সকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ঘৰে ঘৰে গৈ এই আঁচনিৰ সম্পৰ্কে অবগত কৰি ‘নন্দিতা ইণ্ডেন গ্ৰামীণ বিতৰক’এ ৰাইজৰ প্রশংসা বুটলিবলৈ সক্ষম হৈছে। প্রায় পাঁচ শতাধিক মহিলা উপস্থিত থকা সভাখনত বিয়লি ২৭ গৰাকী হিতাধিকাৰীক বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰা হয়।

সভাখনত সমাজকৰ্মী প্ৰদীপ বড়া, প্রণৱ গগৈ, কৃষ্ণ গগৈ,  মনোজ কুমাৰ বৰুৱা, দীপক শর্মা, দূর্গেশ্বৰ গগৈ, পুতুল শর্মাৰ লগতে ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ‘নন্দিতা ইণ্ডেন গ্ৰামীণ বিতৰক’ৰ স্বত্বাধিকাৰী পুলিন গায়নৰ তৎপৰতাত অনুষ্ঠিত হোৱা উক্ত কাৰ্যসূচী সাফল্যমণ্ডিত হোৱাত সমবেত ৰাইজে ধন্যবাদ জনায়।

উক্ত কাৰ্যসূচী অংশ স্বৰূপে ‘নম্রতা গেছ চাৰ্ভিছ’ৰ উদ্যোগত দিকচু বজাৰ গৃহত অনুষ্ঠিত ৰাজহুৱা সভাখনত সভাপতিত্ব কৰে সমাজ কর্মী বিনন্দ কাকতিয়ে। দেৱজিত শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত এল. পি. জিৰ গ্রাহক সেৱা বিষয়া জিনুমণি বৰুৱাই উজ্জ্বলা দিৱসৰ বিষয়ে বক্তব্য ৰাখে।

প্রায় তিনি শতাধিক মহিলা উপস্থিত থকা সভাখনত যোগান বিভাগৰ পৰিদর্শক ৰিপুন বৰগোঁহাই, সমাজ কর্মী অৰূণ বৰাকে প্রমূখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ১৬ গৰাকী মহিলাক বিনামূলীয়া ৰন্ধন গেছ বিতৰণ কৰা উক্ত সভাখনত মহিলা সকলৰ হৈ পুস্পাঞ্জলী চেতিয়া, মিনাসী তাঁতী আদিয়ে বক্তব্য ৰাখে।