55
চৰাইদেউঃ চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত আলফা(স্বাধীন)ৰ নামত এটি দুষ্ট চক্ৰই কিছুদিনৰ পৰা ধনদাবী কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।
জানিব পৰামতে জিলাখনৰ বিভিন্ন প্ৰান্তত ব্যৱসায়ী, চৰকাৰী চাকৰিয়াল, ক্ষুদ্ৰ চাহ খেতিয়ক তথা ঠিকাদাৰক বিদ্ৰোহী সংগঠনটো নেতা প্ৰদীপ অসম, গণেশ অসম, পুলক অসমৰ নামত ধনদাবী কৰি মোবাইলত এছ.এম.এছ. যোগে আৰু বগা কাগজত আলফা(স্বাধীন)ৰ চীল মোহৰ মাৰি ধন আদায় দিবলৈ সকীয়নী দি পত্ৰ প্ৰেৰণ কৰিছে।