চৰাইদেউঃ হিন্দী বোলছবিৰ কায়দাৰে ধন ঘটাৰ চেষ্টা অব্যাহত আছে একাংশ যুৱকৰ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ একাংশ যুৱকে অনৈতিক কাম কাজত লিপ্ত হৈ সহজে ধন ঘটাৰ চেষ্টা কৰাৰ খবৰ লসময়ে সময়ে প্ৰকাশ হৈ আহিছে৷ অতি কম সময়ৰ ভিতৰত বক্ৰ পথেৰে ধন ঘটাৰ চেষ্টা কৰি নিজৰ জীৱন আৰু যৌৱনত দাগ লগাই লয়৷ বিভিন্ন কৌশলেৰে আৰু কম সময়ত বেছি ধন ঘটিবলৈ অপাৰ চেষ্টা চলাই জালত পৰিল এজন যুৱক।
উজনি অসমৰ চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী নামতোলাত শুকুৰবাৰে নিশা বিদ্ৰোহী সংগঠন আলফা (স্বাধীন)ৰ নামত ধনদাবী কৰি নামতোলা আৰক্ষীৰ জালত পৰে যুৱকজন। নামতোলা অঞ্চলৰ অশোক সিং নামৰ এজন ব্যৱসায়ীজনক আলফা (স্বাধীন)ৰ সদস্য বুলি চিনাকি দি-৭৩৫৬৭৭১৭৯০ নম্বৰ যোগে ৫০,০০০ টকা দাবী কৰে। দাবী কৰা ধন নিদিলে সোণাৰিত স্কুললৈ অহা-যোৱা কৰা ব্যৱসায়ী অশোকৰ সন্তানক অপহৰণ কৰাৰ ভাবুকি প্ৰদান কৰে।