মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত লিডুৰ পাটকাই পৰ্বতমালাৰ ২নং মুলুং গাৱঁৰ পৰা ১৪ নং আছাম ৰাইফলছৰ ডি কম্পেনীয়ে আজি সন্ধিয়া অভিযান চলাই দুজন উগ্ৰপন্থী সদস্যক কৰায়ত্ত কৰিবলৈ সমৰ্থ হয়। ধৃত সদস্য দুজন হৈছে বিক্ৰম চাকমা (১৯) আৰু তাৰা চান্দ কাহাৰ (২২)।
প্ৰাপ্ত বাতৰি মতে, গোপন সূত্ৰৰ পম খেদি ২নং মুলুং গাৱঁৰ পৰা আছাম ৰাইফলছৰ জোৱানে আলফা (স্বা)ৰ বিক্ৰম চাকমা এজন কেডাৰক আটক কৰে। চাকমাৰ পৰা এটা পইন্ট টু টু পিষ্টল, এটা মেগাজিন আৰু পাঁচ জাই সজীৱ গুলীও উদ্ধাৰ কৰে।