গুৱাহাটীঃ দেশ আৰু জনগণৰ বাবে হাতত কলম তুলি লৈ আজীৱন জনগণৰ সেৱা কৰি শুকুৰবাৰে আমাৰ মাজৰ পৰা অচিনা দেশলৈ গুছি গল অসমৰ দৈনিক বাতৰি কাকতৰ পিতামহ, জ্যেষ্ঠ সম্পাদক, বিশিষ্ট বুদ্ধিজীৱী ৰাধিকা মোহন ভাগৱতীয়ে। অসমৰ সংবাদ জগতৰ নক্ষত্ৰগৰাকীয়ে শনিবাৰে পুৱা ৯.২০ বজাত ইণ্টাৰনেচনেল হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে৷
সংযুক্ত মুক্তি বাহিনী, অসমে অসমৰ সংবাদ জগতৰ মহীৰূহগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে৷ সংগঠনটোৰ সহকাৰী তথ্য আৰু প্ৰচাৰ সম্পাদক মেজৰ অৰুণোদয় দহোটীয়াই দেওবাৰে সংবাদমাধ্যমলৈ প্ৰেৰম কৰা এক বিবৃতি যোগে বিশিষ্ট সাংবাদিক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷