newsnextone.com | নগাঁওঃ আকৌ এবাৰ ভাৰত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল আলফা নেতা জিতেন দত্ত৷ নাগৰিকত্ব সংশোধনী বিধেয়ক অসমত জাপি দি অসমীয়াক অস্তিত্ব ধ্বংস কৰিব বিচৰা বুলি অভিযোগ উত্থাপন কৰি জাতি ধ্বংস কৰিব বিচৰাৰ অভিযোগ উত্থাপন কৰে দত্তই৷ 

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে গ্ৰাম্য অঞ্চলত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে সভা অনুষ্ঠিত কৰি আহিছে আলফাই৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে খিলঞ্জীয়া মঞ্চ-অসমৰ উদ্যোগত নগাঁৱৰ চকলাঘাটৰ গান্ধী পথাৰত অনুষ্ঠিত হোৱা এখন বিশাল সভাত অংশ লৈ দত্তই
অসমীয়া জাতিটো নিশ্চিন্ন হোৱাৰ উপক্ৰম ঘটিছে বুলি চিন্তা জাহিৰ কৰে৷

ভাৰতীয় সংস্কৃতিৰ আগ্ৰাসনত অসমীয়া সংস্কৃতি অস্তিত্বৰ সংকটৰ সন্মুখীন হৈছে৷ সেয়েহে আমি প্ৰতিজন অসমীয়া ৰাজপথলৈ ওলাই আহি অসমীয়াৰ অস্তিত্বৰ বাবে মাৰবান্ধি ঠিয় দিব লাগিব৷ আলফা নেতা জিতেন দত্ত সহ প্ৰায় ৫০০ খন মটৰ চাইকেল আৰু সৰু-বৰ গাড়ীৰে উলিওৱা এক ৰেলী যোগে নগাঁৱৰ চকলাঘাটৰ গান্ধী পথাৰত উপস্থিতিত হৈ অনুষ্ঠিত কৰা প্ৰতিবাদী সভাত আলফা নেতাগৰাকীয়ে আমি পথ অৱৰোধ, জোঁৰ সমদল, ধৰ্মঘট কৰিলেই নহ’ব বুলি কয়৷

অসমৰ খিলঞ্জীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈ অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা শক্তিৰ বিৰুদ্ধে গণ প্ৰতিৰোধ গঢ়ি তুলিব লাগিব৷ লাচিত বৰফুকনে যিদৰে মোগলক কচু কটা দি মাতৃভূমিক ৰক্ষা কৰিছিল, থিক সেই দৰেই আমি যুৱকসকলে লাচিতৰ দৰে ‘মাৰিব কিম্বা মৰিম’ নীতি সাৰোগত কৰি ঐক্যবদ্ধভাৱে শত্ৰুৰ বিৰুদ্ধে প্ৰতি আক্ৰমণৰ বাবে আগবাঢ়ি আহিব লাগিব৷ 

বহিৰাগতৰ ৰঙা চকুলৈ অসমীয়া ডেকাই কেতিয়াও ভয় নকৰে৷ ৰঙা চকু দেখুৱালে বা অসমৰ খিলঞ্জীয়াক যদি অৱজ্ঞা কৰে তেন্তে যুৱ শক্তি জাগ্ৰত হৈ জংগী প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবলৈ বাধ্য হ’ব৷ ভাষন প্ৰসংগত দত্তই কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইক গণশত্ৰু ঘোষণা কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাই কয় যে খিলঞ্জীয়াৰ মুখত অসম বিৰোধী মন্তব্য কৰাসকলক কেতিয়াও ক্ষমা কৰিব নোৱাৰি৷ সেইসকল অসমৰ শত্ৰু৷

ভোট বেংকৰ স্বাৰ্থত ৰাজেন গোঁহাইয়ে নিজৰ অস্তিত্বক পাহৰি গৈছে৷ সভাত অংশগ্ৰহন কৰি আলফাৰ আন এগৰাকী শীৰ্ষ পৰ্যায়ৰ নেতা প্ৰৱাল নেওগে বিজেপি চৰকাৰৰ নৰেন্দ্ৰ মোডী, ৰাজনাথ সিং আৰু অমিত শ্বাহৰ দৰে কাণ্ডাৰীসকলক তীব্ৰ প্ৰত্যহ্বান জনাই কয় যে অসমখন এইসকলৰ বাপেকৰ সম্পত্তি নহয়৷ এই অসমভূমিত খিলঞ্জীয়াৰ তেজ, স্বাভিমান জড়িত হৈ আছে৷ জনমতৰ বিৰুদ্ধে গৈ যদি বিজেপি চৰকাৰে এই বিধেয়ক গৃহিত কৰে তেন্তে অসমবাসী কেতিয়াও হাত সাৱটি বহি নাথাকে৷ ইয়াৰ বিৰুদ্ধে প্ৰবল গণ প্ৰতিবাদ কৰা হ’ব আৰু পৰিস্থিতি সাপেক্ষে এই গণ প্ৰতিবাদ গণ যুদ্ধলৈ পৰিণত হ’ব৷ আনকি গণস্বাৰ্থত হাতত পুনৰ অস্ত্ৰ তুলিবলৈকো কুণ্ঠাবোধ নকৰো বুলি কয়৷