newsnextone.com | কাকপথাৰঃ ১৯৭৯ৰ ০৭ এপ্ৰিলৰ দিনটোতে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত জন্ম লাভ কৰা আলফাই বৰ্তমানো স্বাধীন অসমৰ দাবীত ভাৰত চৰকাৰৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। অসমৰ সাৰ্বভৌমত্বৰ দাবীত সশস্ত্ৰ সংগ্ৰাম কৰি থকা নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী দুটা বভাগত বিভক্ত হলেও দুয়োটা গোটে সংগ্ৰাম অব্যাহত ৰাখিছে৷
৩৯ বছৰত ভৰি দি ইতিহাস সৃষ্টি কৰা সংযুক্ত মুক্তি বাহিনী অসম আৰু সংযুক্ত মুক্তি বাহিনী স্বাধীনে শুকুৰবাৰে ২৭ তম শ্বহীদ দিৱস পালন কৰে। ঐক্যবদ্ধ জাতীয় মুক্তি সংগ্ৰামৰ দৃষ্টিভংগীৰে বিগত কেইবাটাও দশকজুৰি ভাৰত ৰাষ্ট্ৰৰ বিৰূদ্ধে এক চৰম বিৰোধী শক্তি হিচাপে সমগ্ৰ দক্ষিণ-পূব এছিয়াতে পৰিচিত সংগঠনটোৰ শ্বহীদদ দিৱস দুয়োটা গোটে পালন কৰা বুলি খবৰ আহিছে৷