newsnextone.com | কাকপথাৰঃ ১৯৭৯ৰ ০৭ এপ্ৰিলৰ দিনটোতে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত জন্ম লাভ কৰা আলফাই বৰ্তমানো স্বাধীন অসমৰ দাবীত ভাৰত চৰকাৰৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। অসমৰ সাৰ্বভৌমত্বৰ দাবীত সশস্ত্ৰ সংগ্ৰাম কৰি থকা নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী দুটা বভাগত বিভক্ত হলেও দুয়োটা গোটে সংগ্ৰাম অব্যাহত ৰাখিছে৷ 

৩৯ বছৰত ভৰি দি ইতিহাস সৃষ্টি কৰা সংযুক্ত মুক্তি বাহিনী অসম আৰু সংযুক্ত মুক্তি বাহিনী স্বাধীনে শুকুৰবাৰে ২৭ তম শ্বহীদ দিৱস পালন কৰে। ঐক্যবদ্ধ জাতীয় মুক্তি সংগ্ৰামৰ দৃষ্টিভংগীৰে বিগত কেইবাটাও দশকজুৰি ভাৰত ৰাষ্ট্ৰৰ বিৰূদ্ধে এক চৰম বিৰোধী শক্তি হিচাপে সমগ্ৰ দক্ষিণ-পূব এছিয়াতে পৰিচিত সংগঠনটোৰ শ্বহীদদ দিৱস দুয়োটা গোটে পালন কৰা বুলি খবৰ আহিছে৷

আলফা (স্বাঃ)ৰ সেনাপ্ৰধান পৰেশ অসমৰ উপস্থিতিত শ্বহীদ দিৱস পালন কৰা বুলি জানিব পৰা গৈছে। আনহাতে অসমৰ কেইবাটাও বিদ্ৰোহী সংগঠনৰ নেতা উপস্থিত থাকে বুলি জানিব পৰা গৈছে৷

আনহাতে কাকপথাৰৰ ডেজিগনেটেড কেম্পতোঁ শ্বহীদ দিৱস পালন কৰে সংযুক্ত মুক্তি বাহিনী অসমে৷ শুকুৰবাৰে কাকপথাৰস্থিত আলফাৰ ডেজিগনেটেড কেম্পত সংগঠনৰ পতাকা উত্তোলনেৰে আৰম্ভ কৰাৰ পাছতে বীৰ শ্বহীদসকলৰ স্মৃতিত শ্বহীদ তৰ্পণ কৰে আলফা নেতা লেঃ কৰ্ণেল অন্তু চাউদাঙে৷ শিবিৰটোৰ প্ৰায় শতাধিক সদস্যই অংশগ্ৰহণ কৰা কাৰ্যসূচীত সভাপতিৰ অভিভাষণ পাঠ কৰে অালফা নেতা জিতেন দত্তই৷ 

সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ অালফাৰ ২৭ তম শ্বহীদ দিৱসত কাকপথাৰস্থিত অসম নৱ নিৰ্মান কেন্দ্ৰৰ যুদ্ধ বিৰতি শিবিৰত পুৱা ৯ বজাত অালফা নেতা তথা লেফটেণেণ্ট কৰ্ণেল অন্টু চাউদাঙে পতাকা উত্তোলন কৰাৰ লগতে শ্বহীদ দিৱসত অৰ্ধশতাধিক অালফা কেডাৰে অংশগ্ৰহন কৰে। শ্বহীদ দিৱসৰ পতাকা উত্তোলনৰ পিছতেই বন্তি প্ৰজ্বলন অাৰু শ্বহীদ তৰ্পন কাৰ্যসূচী সমাপন কৰে অালফাৰ অন্য এগৰাকী শীৰ্ষ নেতা প্ৰবাল নেওগে।

নেতাগৰাকীয়ে কয় যে ১৯৯৩ চনৰ অাজিৰ দিনটোতে ডিব্ৰুগড়ৰ ৰজাবাৰীত পাচজনকৈ চহা খেতিয়কক ভাৰতীয় সেনাবাহিনীয়ে নিৰ্মমভাৱে গুলিয়াই হত্যা কৰিছিল ।অাৰু এই দিনটোতে অালফাই ৫গৰাকী চহা কৃষকক শ্বহীদ ঘোষণা কৰি বিগত ২৭ বছৰে শ্বহীদ দিৱস পালন কৰি অাহিছে। ইফালে অালফা নেতা জিতেন দত্তই অালফা চৰকাৰৰ সৈতে চলি থকা অসম-ভাৰত সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ ক্ষেত্ৰত চৰকাৰখনৰ সদিচ্ছা অভাৱ বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমত বিদেশীৰ অাশ্ৰয়স্থল কৰিব বিচৰা চক্ৰান্ত প্ৰতিহত কৰিবলৈ সাজু বুলি উল্লেখ কৰি বিধেয়কখন শীঘ্ৰে বাতিল কৰিবলৈ কেন্দ্ৰ অাৰু ৰাজ্য চৰকাৰখনক দাবী জনায়। জাতীয় স্বাৰ্থৰ হকে মাত মাতিবলৈ যাওতে চৰকাৰে বিভিন্ন ধৰণৰণৰ ভয়-ভাবুকি দিলেও জাতিৰ স্বাৰ্থত যিকোনো শাস্তি মূৰ পাতি লবলৈও সাজু বুলি কয় অালফা নেতা জিতেন দত্তই।