ফিল’বাৰীঃ অসম-অৰুণাচল সীমান্তৰ তিনিচুকীয়া জিলাত যোৱা কেইটামান মাহৰ ভিতৰত কেইবাটাও কূটাঘাটমূলক ঘটনা সংঘটিত হৈছে৷ পিতা-পুত্ৰক গুলীয়াই হত্যা, ব্যৱসায়ীৰ পুত্ৰক অপহৰণ, মাইনিং কোম্পানীত আক্ৰমণ, ৰাজপথত ডাম্পাৰত আক্ৰমণৰ দৰে ঘটনা সংঘটিত হোৱাত সেনা-আৰক্ষী সস্তম হৈ আছে জিলা খনত৷ প্ৰতিটো মুহূৰ্তত অপহৰণ, আক্ৰমণ সংঘটিত হোৱাৰ আশংকাত দিন পাৰ কৰে ৰাইজে৷
সমানে সমানে সেনা-আৰক্ষীয়ে ৰাইজৰ জীৱন-সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে প্ৰতিদিনে বদ্ৰোহীৰ বিৰুদ্ধে অভিযান চলাই অহা পৰিলক্ষিত হৈছে৷ সেনা-আৰক্ষীয়ে সফলো হৈছে বিদ্ৰোহীৰ বিৰুদ্ধে চলোৱা অভিযানত৷ বিদ্ৰোহীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি ৰখাৰ সময়তে একাংশ যুৱকে ধন ঘটাৰ বাবে বিদ্ৰোহী সংগঠনৰ নাম, পেড ব্যৱহাৰ কৰি ধন দাবী কৰি অহাৰ খবৰ প্ৰচাৰ হৈ আহিছে৷