তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত উলুবাৰী শ্ৰী শ্ৰী গোপাল মন্দিৰ প্ৰাঙ্গনত অহা ১৮, ১৯, ২০ আৰু ২১ ফেব্ৰুৱাৰীত চাৰিদিনীয়া বৰ্ণাধ্য কাৰ্যক্ৰমণিকাৰে উলুবাৰী শ্ৰী শ্ৰী গোপাল সবাহ উদযাপন কৰা হ’ব৷ ইতিমধ্য বাবুল ৰাভাক সভাপতি আৰু নৰেশ্বৰ ৰাভাক সম্পাদক হিচাপে লৈ এখন পূজা পৰিচালনা সমিতি গঠন কৰা হৈছে।
কাৰ্যসুচী অনুসৰি ১৮ ফেব্ৰুৱাৰীৰ সন্ধিয়া ছয় বজাত সবাহৰ মুখ্য দ্বাৰ মুকলি কৰিব ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে। মন্দিৰৰ দ্বাৰ মুকলি কৰিব মন্দিৰ পৰিচালনা সমিতিৰ স্থায়ী সভাপতি বাবু ৰাম শৰণীয়াই। বন্তি প্ৰজ্বলন কৰিব ক্ৰমে উলুবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক অভিৰাম দাস, তামুলপুৰ সমাজ কল্যাণ বিভাগৰ নিম্ন বৰ্গৰ সহায়ক দেবেন দাস, মন্দিৰ পৰিচিালনা সমিতিৰ প্ৰাক্তন সম্পাদক কবিন দাস, পানীৰাম ৰাভা আৰু হৰেশ্বৰ শৰণীয়াই। মঞ্চ উদ্বোধন কৰিব কেন্দ্ৰীয় যুৱ বি পি এফৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰীয়ে।