ডিব্ৰুগড়ঃ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক টনকীয়াল কৰি ৰাখিবলৈ অহৰহ সাজু হৈ থকা অতন্দ্ৰ প্ৰহৰী উজনি অসমৰ জ্যেষ্ঠ সাংবাদিক উমাকান্ত চাংমাইৰ মঙলবাৰে নিশা প্ৰায় ২ বজাত মৃত্যু হয়৷ অসমৰ কেইবাখনো আগশাৰীৰ দৈনিক বাতৰি কাকতত সাংবাদিকতা কৰাৰ লগতে আগশাৰীৰ সমাজকৰ্মীগৰাকীৰ মৃত্যুত ৰাজ্যত শোকৰ ছাঁ পৰে৷
ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক, তথা বিশিষ্ট চিন্তাশীল লেখক উমাকান্ত চাংমাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ দল-সংগঠনৰ লগতে সাংবাদিক সুৰক্ষা মঞ্চ, অসমে।