ডিব্ৰুগড়ঃ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক টনকীয়াল কৰি ৰাখিবলৈ অহৰহ সাজু হৈ থকা অতন্দ্ৰ প্ৰহৰী উজনি অসমৰ জ্যেষ্ঠ সাংবাদিক উমাকান্ত চাংমাইৰ মঙলবাৰে নিশা প্ৰায় ২ বজাত মৃত্যু হয়৷ অসমৰ কেইবাখনো আগশাৰীৰ দৈনিক বাতৰি কাকতত সাংবাদিকতা কৰাৰ লগতে আগশাৰীৰ সমাজকৰ্মীগৰাকীৰ মৃত্যুত ৰাজ্যত শোকৰ ছাঁ পৰে৷

ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক, তথা বিশিষ্ট চিন্তাশীল লেখক উমাকান্ত চাংমাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ দল-সংগঠনৰ লগতে সাংবাদিক সুৰক্ষা মঞ্চ, অসমে।

সাংবাদিক সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি ছিৰাজুল ইছলাম, কাৰ্যকৰী সভাপতি হেমন্ত শৰ্মা আৰু সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰে এক বিবৃতি যোগে জ্যেষ্ঠ সাংবাদিক উমাকান্ত চাংমাইৰ মৃত্যুত শোক প্ৰকাশ কৰি অসমৰ সংবাদ জগতখনৰ এক অপুৰণীয় ক্ষতি বুলি কয়।

অসমৰ সমাজ-জীৱনলৈ আগবঢ়োৱা অৱদানক সাংবাদিক সুৰক্ষা মঞ্চই সোঁৱৰণ কৰি সাংবাদিকগৰাকীৰ অপ্ৰকাশিত হৈ থকা প্ৰৱন্ধসমূহ এক গোট কৰি প্ৰকাশ কৰিব বুলি ঘোষণা কৰে সাংবাদিক সংগঠনটোৱে । সাংবাদিক সংগঠনটোৱে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।