newsnextoneউৰিয়ামঘাট,১১ অক্টোবৰঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত ১০ অক্টোবৰৰ ৰাতি উৰিয়ামঘাট থানাৰ এটি তহলদাৰী দলে অস্ত্ৰৰ সৈতে এটি ছয়জনীয়া দুৰ্বৃত্তৰ দলক কৰায়ত্ব কৰে । উল্লেখযোগ্য যে উৰিয়ামঘাটৰ মাজমজিয়াতে এখন চেন্ট্ৰ'গাড়ীত আহি থকা অৱস্থাতে উৰিয়ামঘাটৰ আৰক্ষীয়ে আবুতালি খালেক (২৭), কুঘাট‌’চেমা(৩০),ফাতভি চেমা(২২,)ভিক'হু চেমা(৩৬), জুনাক মাৰাক(২৬) আৰু জালাউদ্দিন আলি নামৰ ছয়জন দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও মুঠ আঠজনীয়া দলটোৰ দুজনে পলায়ন কৰিবলৈ সক্ষম হয় । 


দুৰ্বৃত্ত কেইজনৰ হাতৰ পৰা আৰক্ষীয়ে এটা নাইন এম এম পিষ্টলসহ মুঠ পাঁঁচজাই সজীৱ গুলি উদ্ধাৰ কৰে ।দুৰ্বৃত্ত কেইজন অস্তসৰবৰাহৰ কাৰ্যত জড়িত থকাৰ আশংকা কৰা হৈছে। উল্লেখ্যোগ্য যে শাৰদীয় দূৰ্গাপূজাৰ সময়ত কূটাঘাটমূলক কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যেৰে অস্ত্ৰসৰবৰাহৰ সন্দেহ কৰা হৈছে ।

উদ্বীপ বৰা,উৰিয়ামঘাট ৯৩৬৫৪৭২৪৪৬