61
ডিজিটেল ডেস্কঃ অদম্য সাহস যাৰ সংগী, তেওঁ জানো কেতিয়াবা অকলশৰীয়া হ’ব পাৰে! হ’ব পাৰে আৰোহণৰ পথ কষ্টকৰ, পিছে এই যাত্ৰা আলোকসন্ধানী। পোহৰ খেদি আগবাঢ়ি যোৱাৰ সময়ত মাত্ৰ দৃষ্টি নিবদ্ধ থাকিব লাগে লক্ষ্যত।
একলব্যসদৃশ একাগ্ৰতাৰে লক্ষ্যভেদৰ বাবে অবিচল হৈ থকাটো কিন্তু সকলোৰে বাবে সম্ভৱ নহয়। যিজনৰ বাবে এয়া সম্ভৱ তেৱেই মহাৰথী, জুয়ে পোৰা সোণ। এইদৰেই পাতনি মেলিব লাগিব উম্মাল খেৰৰ বিষয়ে বৰ্ণনা কৰিবৰ বাবে।