Home বিশ্বৰাষ্ট্ৰ সংঘই কলে, সমগ্ৰ বিশ্বতে খলকনি লগাইছে কাঠুৱাৰ ধৰ্ষণ কাণ্ডই, শাস্তিৰ পোষকতা

ৰাষ্ট্ৰ সংঘই কলে, সমগ্ৰ বিশ্বতে খলকনি লগাইছে কাঠুৱাৰ ধৰ্ষণ কাণ্ডই, শাস্তিৰ পোষকতা

by News Desk
72 views
A+A-
Reset

ডিজিটেল ডেস্কঃ কেৱল দেশতে নহয় কাঠুৱাৰ ৮ বছৰীয়া শিশু কন্যা আচিফাৰ ধৰ্ষণ-হত্যা কাণ্ডই সমগ্ৰ বিশ্বতে খলকনি লগাইছে৷ বিশ্বৰ আগশাৰীৰ সংবাদ মাধ্যমে সংবাদ পৰিৱেশন কৰাৰ লগতে বিদেশীৰ বিভিন্ন সংস্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ এইবাৰ ৰাষ্ট্ৰ সংঘই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই কাণ্ডক ভয়ংকৰ আখ্যা দিছে৷ ৰাষ্ট্ৰ সংঘৰ প্ৰধান সচিব অণ্টনিও গুটৰেসে ভাৰতৰ প্ৰশাসনক এই নাৰকীয় ঘটনাৰ সৈতে জৰিত দোষীক উচিত শাস্তি প্ৰদান কৰাৰ আবেদন জনাই৷

শুকুৰবাৰে এখন সংবাদমেলত ৰাষ্ট্ৰ সংঘৰ প্ৰধান সচিব অণ্টনিও গুটৰেসৰ প্ৰৱক্তা ষ্টেফান দুজৰিকে কয় যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত ধৰ্ষণ আৰু হত্যাৰ ঘটনা আমাৰ দৃষ্টি গোচৰ হৈছে৷ শিশু কন্যাৰ সৈতে সংঘটিত হোৱা ভয়ংকৰ ঘটনা অত্যন্ত দুখজনক৷ আমি আশা কৰিছো ভাৰতৰ প্ৰশাসনে অপৰাধীক উচিত শাস্তি দিব৷ কেৱল ভাৰততে নহয় এই কাণ্ডই সমগ্ৰ বিশ্বতে খলকনি লগাইছে৷ এই কথাও প্ৰকাশ কৰে ষ্টেফান দুজৰিকে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0