ডিজিটেল ডেস্কঃ জম্মু কাশ্মীৰৰ বিজেপিৰ ২ মন্ত্ৰীয়ে কাঠুৱাৰ ৮ বছৰীয়া শিশু কন্যা আচিফাৰ ধৰ্ষণ-হত্যা কাণ্ডৰ অভিযুক্তক সমৰ্থন কৰি উলিওৱা ৰেলীত যোগদান কৰি বিতৰ্কৰ সৃষ্টি কৰাত সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷
তাৰ পিছতে দুয়ো মন্ত্ৰীয়ে শুকুৰবাৰে নিশা দুয়ো মন্ত্ৰীয়ে ৰাজ্যিক বিজেপিৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল৷ দুই মন্ত্ৰীৰ এই কাণ্ডই প্ৰতিক্ৰিয়া অব্যাহত ৰখাৰ সময়তে শনিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে দুয়ো মন্ত্ৰীক কাষত বহুৱাই লৈ সংবাদ মেল অনুষ্ঠিত কৰি উত্তেজিত লোকক ক্ষান্ত কৰাৰ বাবেহে দুয়ো মন্ত্ৰীয়ে ৰেলীত অংশ লোৱা বুলি কয়৷