গুৱাহাটীঃ দেশৰ এগৰাকী শ্ৰেষ্ঠ দেশ প্ৰেমিকৰ আজি জন্ম দিন৷ যিগৰাকী লোকে দেশক অযুত ভাল পাইছিল৷ যিয়ে ভাৰতীয় জাতিটোৰ বাবে সকলো ত্যাগ কৰিছিল৷ তথাপিও তেওঁ জীৱনটোত বহু সময়ত জাতিকুল তথা ভেদভাৱৰ বাবে ঘৃণাৰ পাত্ৰও হ’ব লগা লৈছিল৷ নীচ জাতিৰ সন্তান হোৱাৰ বাবে অপমাণ সহ্য কৰিব লগা হৈছিল তেওঁ৷
নিজ ইচ্ছা মতে এটি বিষয়ত পঢ়িব পৰা নাছিল৷ সমাজৰ এক শ্ৰেণীৰ লোকৰ ভয়ত পিছ পৰি নথকা যুৱকজনে নিজে নিজে নিজক শিক্ষা দিছিল ভাল পোৱা বিষয়টোত৷ একাংশ লোকে বাধা দিয়া সত্বেও সেই বিষয়টোতে জিলিকিও উঠিছিল৷ সেই গৰাকী লোকেই অৱশেষত দেশ খনৰ মুল স্তম্ভ প্ৰণয়ন কৰিছিল৷