শিৱসাগৰঃ কি নহয় শিৱসাগৰত? কন্যা শিশু সমাজৰপৰা অৱহেলিত কিয়? হয় সেই ঘটনাৰে পুনৰাবৃত্তি শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ প্রসাৱগাৰৰ কাষৰ এখন অস্থায়ী দোকানৰ চালিৰ তলত পলিথিনৰ বেগত যোৱা মংলবাৰে আন্ধাৰৰ সুযোগ লৈ দুজন লোৰে এৰি থৈ গৈছে বুলি চিকিৎসালয়খনত কৰ্মৰত এজন চাফাই কৰ্মীয়ে জানিবলৈ দিছে৷
উল্লেখযোগ্য যে চাফাই কৰ্মীজনে এটা বেগৰপৰা শিশুৰ কান্দোন শুনি গৈ দেখে যে বেগটোৰ ভিতৰত এটা কেঁচুৱা সন্তান। সেই সময়ত তাত ৰৈ আছিল আৰু দুজন লোকে বেগটো লৈ অহা দেখিছিল। ঘটনাক্ৰমে তেওঁ লোকদুজনক বেগটো কলৈ নিয়া বুলি প্রশ্ন কৰিছিল যদিও আন্ধাৰত লোকদুজনক চিনিব নোৱাৰিলে৷