ধিংঃ নগাঁও জিলাৰ বিভিন্ন চৰাঞ্চলত বতৰ্মানেও অব্যাহত অাছে ভূ-মাফিয়াৰ দপদপনি । এইবাৰ ভূ-মাফিয়াৰ ৰূপত অৱতীৰ্ণ হৈছে টেট শিক্ষক। কিছুদিন পূৰ্বে অঞ্চলটোৰ অতি দৰিদ্ৰ লোক ৰহমত অালীৰ ঘৰ-বাৰী শিক্ষকৰূপী ভূ-মাফিয়া জাকিৰ হুছেইনৰ নেতৃত্বত অহা ১০-১১ জনীয়া দুৰ্বৃত্তৰ দলে জ্বলাই দি বে-দখল কৰাৰ তথ্য পোহৰলৈ অাহিছে।
ইয়াতে ক্ষান্ত নাথাকি শিক্ষক হুছেইনৰ ভেৰোণীয়া গুণ্ডাই দুদিনমানৰ অাগতে দৰিদ্ৰ লোকজনৰ প্ৰায় ৫ বিঘা মাটিৰ মাকৈ খেতি কাটি লৈ যায় । দৰিদ্ৰ অালীয়ে দুৰ্বৃত্তৰ দলটোক বাধা দিয়াত মাৰধৰ কৰি খেদি পঠিয়ায় । এই সমগ্ৰ ঘটনা সংক্ৰান্তত ৰহমত অালীয়ে ধিং থানাত এজাহাৰ দাখিল কৰে।