newsnextone.com | কোকৰাঝাৰঃ আদিবাসী জাতীয় অভিবৰ্তন চমুকৈ এএনচিৰ উদ্যোগত কোকৰাঝাৰৰ জয়পুৰ-মঙলাঝোৰা হাইস্কুল খেলপথাৰত শনিবাৰে দিনজোৰা বৰ্ণিল কাৰ্যসূচীৰে ১৬৩ তম আদিবাসী জাতীয় সংহতি দিৱস উদযাপন কৰা হয়।
প্ৰতিকুল বতৰকো নেওঁচি কেবা সহস্ৰাধিক আদিবাসী জনতাই আদিবাসী জাতীয় সংহতি দিৱসত অংশগ্ৰহণ কৰে। আদিবাসী জাতীয় সংহতি দিৱস উপলক্ষে জয়পুৰ-মঙ্গলাঝোৰা হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা মুকলি সভাত আদিবাসী জাতীয় অভিৱৰ্তন চমুকৈ এএনচিৰ সংগ্ৰামী গোটৰ সভাপতি বয়েল হেমব্ৰমে আদিবাসী জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ পৰাজয় নিশ্চিত বুলি ক্ষোভ জাহিৰ কৰে।