newsnextone.com | কাকপথাৰঃ কাকপথাৰ থানাৰ অন্তৰ্গত ডিৰাকৰ এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দিহিং নদীত উদ্ধাৰ হোৱা মৃতদেহটো অৰুণাচল প্ৰদেশৰ ফালৰ পৰা পানীত উটি আহোতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে৷ 

বৰ্তমানলৈকে চিনাক্ত কৰিবলৈ সক্ষম নোহোৱা এজন যুৱকৰ মৃতদেহটো চাই কেইবাদিনো পানীত পৰি থকা যেন অনুমান কৰা হৈছে৷ স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়াত কাকপথাৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৃতদেহটোৰ পৰিচয়ৰ অনুসন্ধানত নামি পৰিছে৷

আৰক্ষীয়ে মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷