নতুন দিল্লীঃ শত্ৰুপক্ষৰ সীমা পাৰ হৈ আক্ৰমণ চলোৱাৰ বাবে সাজু কৰাৰ উদ্দেশ্যে এক নতুন পৰিকল্পনা হাতত লৈছে ভাৰত চৰকাৰে। চলিছে তেজস মানৱবিহীন যুঁজাৰু বিমান নিৰ্মাণৰ পৰিকল্পনা।
ঘৰুৱাভাৱে নিৰ্মিত হ’বলগা এই লঘু ওজনৰ যুঁজাৰু বিমানখন কেনেদৰে সুদক্ষ কৰি তুলিবপৰা যাব¸ তাকে লৈ চিন্তা-চৰ্চা চলি আছে। খুব কম সময়ৰ ভিতৰতে এয়া সম্ভৱ হৈ উঠিব বুলি নিৰ্মাণৰ দায়িত্বত থকা হিন্দুস্থান এৰনেটিক্স লিমিটেডে বিশ্বাস জাহিৰ কৰিছে। এটা দলে ইতিমধ্যে এই কামত নিয়োজিত হৈছে বুলি জানিবপৰা গৈছে।