যোৰহাট/মৰিয়নীঃ যোৰহাট জিলাৰ বাটে-ঘাটে এতিয়া আনটাইদ ফাণ্ড কেলেংকাৰীৰ চৰ্চা ৷ বজাৰ, তিনিআলি সকলোতে সৰৱ চৰ্চা আনটাইদ ফাণ্ড কেলেংকাৰীৰ৷ তদন্তই নতুন মোৰ লোৱাত যোৱা দুদিনত যোৰহাট জিলাৰ বিভিন্ন দল-সংগঠন ব্যক্তি বিশেষে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে।

এই কেলেংকাৰী সন্দৰ্ভত যোৰহাটৰ আৰক্ষী আৰু মুখ্যমন্ত্ৰীৰ বিশেষ তদন্তকাৰী শাখাই তদন্ত চলাই থকা সময়তে ৫ টা গোচৰ চি আই ডি লৈ হস্তান্তৰ কৰাক লৈ কিছু লোকে মূখ্যমন্ত্ৰীক সমালোচনাও কৰিছে। অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান এম আগৰৱালা সাক্ষৰিত পত্ৰৰ জৰিয়তে যোৰহাট সদৰ থানাত পঞ্জীভূক্ত ৩৫৭/১৫, ১৯০১/১৫, ২৫২৩/১৬, ৮৭৫/১৭ আৰু ১৩৭১/১৭ নম্বৰ গোচৰ কেইটা চি আই ডি লৈ হস্তান্তৰ কৰিছে।

আনহাতে এই হস্তান্তৰৰ জৰিয়তে যোৰহাটৰ আনটাইদ ফাণ্ড কেলেংকাৰীৰ অভিযুক্ত তদানীন্তন উপায়ুক্ত ছোলাংকী বিশাল বসন্তক বচোৱাৰ কৌশল ৰচনা কৰা হৈছে বুলি অভিযোগ উঠিছে জিলাখনত। কিয়নো মুখ্য মন্ত্ৰীৰ ভিজিলেঞ্চে হাতত নোলোৱা এইসমূহ গোচৰ সঠিককৈ আগবাঢ়িছিল। কিন্তু ৰাজ্যৰ বাহিৰৰ আই এছ লবীৰ ষড়যন্ত্ৰতে এই গোচৰ হস্তান্তৰ কৰা বুলি অভিযোগ উঠিছে।

যোৰহাট প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদ মেলত এই অভিযোগ উত্থাপন কৰি এইসমূহ কেলেংকাৰী পোহৰলৈ অনা অন্যতম ব্যক্তি অধিবক্তা ৰিণ্টু গোস্বামী আৰু ৪ জাতীয় সংগঠনৰ নেতৃত্বতই কয় যে ২০০ কোটি টকীয়া কেলেংকাৰীত জড়িত ছোলাংকীৰ বিৰুদ্ধে সঠিক তদন্ত কৰি সোণোৱাল চৰকাৰে যে আই এছ লবীৰ কথামতে উঠাবহা কৰা নাই সেয়া প্ৰতিপন্ন কৰক।

বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চে ৩ এপ্ৰিলত গোচৰ ৰুজু কৰি বিশাল বসন্ত সোলাংকীক আজি পৰ্যন্ত এবাৰো সোধ-পোচ কৰিবলৈ নামাতিলে কিয় বুলিও প্ৰশ্ন উত্থাপন কৰিছে গণ অধিকাৰ সংগ্ৰাম সমিতিৰ সম্পাদক সঞ্জয় কৃষ্ণ তাঁতীয়ে৷ বৃহৎ কেলেংকাৰীটোৰ অভিযুক্তসকলৰ এজনকো মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চে কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱাৰ লগতে তদন্তত বিধি পথালি দি বিশাল বসন্ত সোলাংকীক যিকোনো প্ৰকাৰে চৰকাৰে ৰক্ষণাবেক্ষণ দিবৰ বাবে চেষ্টা অব্যাহত ৰখা বুলি অভিযোগ কৰে তাঁতীয়ে।