newsnexyone.com | ডিজিটেল ডেস্কঃ জনসংঘৰ প্ৰতিষ্ঠাপক পণ্ডিত দীনদয়াল উপধ্যায়ৰ নামত অসমত মহাবিদ্যালয়ৰ নামাকৰণক লৈ বহু বাক-বিতণ্ডা তথা প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল৷ বিজেপিয়ে সমগ্ৰ দেশ গেৰুৱাকৰণ কৰি সকলো সম্পদত বিজেপিৰ ছায়া পেলাব বিচৰা বুলি অভিযোগ উত্থাপন হৈছিল৷ সেই বিজেপিয়ে এতিয়া পুনৰ এবাৰ পণ্ডিত দীনদয়াল উপধ্যায়ক নামৰে দেশৰ এটি বিখ্যাত ৰেল জংচনৰ নাম সলাব ড়োৱা পৰিলক্ষিত হৈছেে

দেশৰ বৃহৎ ৰেলৱে ষ্টেচনৰ ভিতৰত এটা হৈছে মোগলচৰাই জংচন৷ কিন্তু মঙলবাৰৰ পৰা মোগলচৰাই জংচনত মানুহে জানিব পণ্ডিত দীনদয়াল উপাধ্যায় জংচন বুলিহে৷ উত্তৰ প্ৰদেশ চৰকাৰে এক বিবৃতি যোগে দেশৰ অন্যতম বৃহৎ জংচনটোৰ নাম মঙলবাৰৰ পৰা সলনি কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ 

উত্তৰ প্ৰদেশ চৰকাৰে কেন্দীয় চৰকাৰৰ অনুমোদন সাপেক্ষে জংচনটোক নাম পণ্ডিত দীনদয়াল উপধ্যায় ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কিন্তু বিজেপিৰ এই সিদ্ধান্তৰ পিছতে বিৰোধী দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ সংসদৰ মজিয়াত বিৰোধীয়ে জংচনটোৰ নাম সলনি কৰিব বিচৰাক লৈ প্ৰতিবাদ কৰি কৰি কয় যে বিজেপিৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দেশৰ সকলো সম্পত্তিত বিজেপিৰ নাম সংযোগ কৰিব বিচাৰিছে৷ 

ইফালে নাম সলনি কৰা সন্দৰ্ভত বিজেপিৰ সাংসদ মুখতাৰ আব্বাজ নকবীয়ে কয় যে ভাৰতত মোগলৰ নামত এটি জংচন থকা মুথেও উচিত নহয়৷ তাতকৈ মোগলচৰাইৰ নাম পণ্ডিত দীনদয়াল উপাধ্যায় কৰাটো দেশৰ ভৱিষ্যতৰ বাবেও মংগলজনক৷

তেওঁ বিৰোধিক উভটি ধৰি পুনৰ কয়, ‘দেশৰ সকলো সম্পদৰ নাম কেৱল গান্ধী আৰু নেহৰুৰ নামেৰেই কিয় থাকিব লাগে? আন আন বহু লোকেই দেশৰ বাবে বলিদান দি থৈ গৈছে৷ তেওঁলোকৰ নামতো শ্ৰদ্ধা নিবেদন কৰা আমাৰ কৰ্তব্য৷’

উল্লেখ্য যে, ১৮৬২ চনত ইষ্ট ইণ্ডিয়ে কোম্পানীয়ে হাওৰাক দিল্লীৰ সৈতে ৰেলেৰে সংযোগ কৰা সময়ত মোগলচৰাই জংচনৰ নিৰ্মাণ কৰিছিল৷ আনহাতে বিজেপিৰ প্ৰতিষ্ঠাপক সকলৰ অন্যতম তথা দক্ষিণপন্থী বিচাৰধাৰৰে উব্ধুব্ধ পণ্ডিত দীনদয়াল উপাধ্যায়ক ১৯৬৮ চনত মোগলচৰাই জংচনতে ৰহস্যজনক পৰিস্থিতিত মৃৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল৷