file photo
file photo

newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ দেশত সংঘটিত হৈছে গো ৰক্ষাৰ নামত হত্যাকাণ্ড৷ গৰুক ৰক্ষাৰ বাবে একাংশ লোকে লাঠি, জোং লৈ ৰাজপথত মানুহক আক্ৰমণ কৰাৰ ফলত সমগ্ৰ দেশত বিগত সময়ত কেইবাটাও অবাঞ্চিত ঘটনা সংঘটিত হৈছে৷ 

কিন্তু এইবাৰ সাধাৰণ লোকে নহয় আৰক্ষীৰ প্ৰহাৰত মৃত্যু হৈছে গো মাংসৰ ব্যৱসায়ী বুলি সন্দেহ কৰা এগৰাকী লোকৰ৷ দেশত ইতিমধ্যে কেইবাগৰাকী লোকৰ প্ৰাণ গৈছে৷ গো ৰক্ষাৰ নামত সাধাৰণ লোকে মানুহক হত্যা পৰ্য্যন্ত কৰিছিল যদিও এইবাৰ আৰক্ষীয়ে মানুহক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰা হ’ল৷ 

এইবাৰ উত্তৰ প্ৰদেশৰ বৰেলীত আৰক্ষীৰ প্ৰহাৰত মৃত্যু হৈছে এগৰাকী গো মাংসৰ ব্যৱসায়ী বুলি সন্দেহ কৰা এগৰাকী লোকৰ৷ আৰক্ষীয়ে প্ৰহাৰ কৰাৰ ফলতেই মৃত্যু হয় ব্যৱসায়ীগৰাকীৰ৷ লোক জনৰ বিৰুদ্ধে গো মাংস ব্যৱসায় কৰাৰ অভিযোগ আছিল৷ যোৱা ১৪ জুনত চেলিম কুৰেশ্বী নামৰ এজন লোকক দুজন আৰক্ষীয়ে ঘৰৰ পৰা উঠাই আনে৷ তাৰ পিছতে আৰক্ষীয়ে বেয়াকৈ প্ৰহাৰ কৰে৷

স্থানীয় চিকিৎসালয় ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে দিল্লীৰ এইমছলৈ প্ৰেৰণ কৰা হয়৷ কিন্তু ব্যৱসায়ীগৰাকীৰ মৃত্যু হয় শুকুৰবাৰে৷ ইতিমধ্যে লোকগৰাকীৰ পত্নীয়ে আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷

কনিষ্টবল শ্ৰীপাল, হৰিশংকৰ আৰু ভাৰপ্ৰাপ্ত বিষয়া আলী মিয়ান জৈদিক চাকৰিৰ পৰা নিলম্বন কৰি গোচৰ ৰুজু কৰে৷