newsnextone.com | ডিজিটেল ডেস্কঃ যোৱা ৬ মাহ ধৰি সংবাদ মাধ্যমত চৰ্চা চলিছিল এজন দলিত যুৱকৰ বিয়াক লৈ৷ তিনিবাৰ বিয়াৰ দিনবাৰ ঠিক কৰি কইনা আনিব যাব নোৱাৰিলে দলিত যুৱকজনে৷ কিয়নো কইনা আছিল উচ্চ বৰ্ণৰ গাঁৱৰ৷ ঠাকুৰ সমাজে বাৰে বাৰে বাধা দিছিল বিয়াত৷ যুৱতী আৰু যুৱতীৰ পৰিয়ালৰ সন্মতি আছিল বিয়াত৷ তথাপিও বাধা আৰোপ কৰা হৈছিল দলিত যুৱকৰ বিয়া খনত৷ তাৰ পিছতে আদালতৰ ওচৰ চাপিছিল দৰাই৷ প্ৰায় ৬ মাহৰ মূৰকত ৩৫০গৰাকী নিৰাপত্তাৰক্ষী লৈ যুৱকে বিয়া কৰালে উচ্চ বৰ্ণৰ গাঁৱৰ কন্যাক৷
সমাজত প্ৰচলিত জাত-পাত, ভেদভাৱৰ সময়তে উত্তৰ প্ৰদেশৰ দলিত যুৱকে উচ্চ বৰ্ণৰ গাঁৱৰ যুৱতীক ৬ মাহৰ মূৰকত বিয়া কৰাই আনিলে৷ কোনো উচ্চ বৰ্ণৰ ঠাকুৰে দিয়া নিদান মতে, দলিতে মহা ধুম ধামেৰে বিয়া অনুষ্ঠিত কৰাটো সমাজৰ পৰিপন্থী৷ ঐতিহ্যৰ বাবে সংকট৷ কিন্তু ঠাকুৰৰ নিদান পৰিহাৰ কৰি ৩৫০গৰাকী আৰক্ষীৰ জোৱান সহ বেণ্ড পাৰ্টি বজাই কইনা আনিবলৈ গ’ল দৰাই৷ এই দৃশ্য প্ৰচাৰ হয় দেশৰ সংবাদমাধ্যমতো৷