newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ যোগী চৰকাৰে মাদ্ৰাছা সমূহক লৈ আন এক নতুন সিদ্ধান্ত গ্ৰহণ কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে৷ চৰকাৰৰ নতুন নিয়ম অনুসৰি সাধাৰণ বিদ্যালয় সমূহৰ দৰে মাদ্ৰাছাতো নিৰ্দিষ্ট পোছাক নিৰ্ধাৰণ কৰা হ’ব৷ নতুন নিয়ম অনুসৰি মাদ্ৰাছাত শিক্ষা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে কুৰ্তা আৰু পায়জামাৰ বিপৰীতে পেন্ট-চাৰ্ট পৰিধান কৰিব লাগিব৷

উত্তৰ প্ৰদেশৰ ৰাজ্যমন্ত্ৰী মোহচিন ৰজাই এই বিষয়ে ঘোষণা কৰি চৰকাৰৰ নতুন সিদ্ধান্তৰ বিশয়ে জানিবলৈ দিয়ে৷ তেওঁ কয় যে মদ্ৰাছাত শিক্ষালাভ কৰা শিশুসকলে অতি সোনকালে কুৰ্তা-পায়জামাৰ ঠাইত পেন্ট আৰু চাৰ্ট পৰিধান কৰা দেখিবলৈ পোৱা যাব৷ 

মোহচিন ৰজাই কয়, ‘সাধাৰণতে মাদ্ৰাচাৰ ছাত্ৰ-ছাত্ৰীসকলে দীঘল কুৰ্তা আৰু পায়জামা পিন্ধি আহে৷ যিয়ে তেওঁলোকৰ ধৰ্ম বিশেষৰ পৰিচয় দিয়ে৷ শিক্ষাৰ্থী সকলৰ মাজত ধৰ্মৰ ভেদ নাশ কৰাটো প্ৰয়োজনীয়৷ যাৰ বাবে মাদ্ৰাছাত পঢ়া শিশু সকলোকো অন্য বিদ্যালয়ৰ দৰে পেন্ট-চাৰ্ট অথৱা অন্য কোনো নিৰ্দিষ্ট পোছাকত প্ৰত্যক্ষ কৰা হ’ব৷ এই বিষয়ে চৰকাৰে সোনকালেই সিদ্ধান্ত গ্ৰহণ কৰিব৷’

চৰকাৰে মাদ্ৰাছাৰ পোছাক সলনি কৰাক লৈ গভীৰ ভাৱে চিন্তা চৰ্চা চলাইছে বুলিও মন্তব্য কৰে মোহচিন ৰজাই৷ তেওঁ কয়, এটা বিশেষ ধৰণৰ কুৰ্তা-পায়জামা পিন্ধিলে সিয়ে এক নিৰ্দিষ্ট ধৰ্মৰ পৰিচয় দিয়ে৷ যাৰ ফলত শিশুৰ মনত হীন ভাৱৰ সৃষ্টি হয়৷ যাৰ বাবে চৰকাৰে সকলো শিশুক সমান কৰিবলৈ চেষ্টা কৰি একে পোছাক পিন্ধাই দেশৰ বিকাশ সাধন কৰিব বিচাৰিছে৷

উল্লেখ্য যে, যোগী চৰকাৰে ইয়াৰ পূৰ্বেও মাদ্ৰাছাৰ শৈক্ষিক ক্ষেত্ৰখনৰ পৰিবৰ্তন সাধন কৰি নতুন নিয়ম প্ৰৱৰ্তন কৰিছে৷ চৰকাৰে মাদ্ৰাছাত এনচিইআৰটিৰ কিতাপ পঢ়োৱাটো বাধ্যতামূলক কৰাৰ লগতে গণিত, হিন্দী আৰু ইংৰাজী পাঠ্যক্ৰম মাদ্ৰাছা শিক্ষা ব্যৱস্থাত প্ৰনয়ন কৰা হৈছে৷