ডিজিটেল ডেস্কঃ এটাৰ পিছত এটা বিতৰ্কেৰে বাতৰিৰ শিৰোনামা দখল কৰা উত্তৰ প্ৰদেশৰ যোগী চৰকাৰৰ মন্ত্ৰী ওম প্ৰকাশ ৰাজভৰে পুনৰ এক বিতৰ্কিত মন্তব্য কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে৷ কেতিয়াবা নিজ দলৰ বিপক্ষে আৰু কেতিয়াবা মোডী চৰকাৰৰ বিফলতাৰ বিষয়ে কৈ মন্ত্ৰীগৰাকীয়ে বিতৰ্কৰ সৃষ্টি কৰি আহিছে৷ শেহতীয়াকৈ ৰাজপুতকে ধৰি কেইটামান সম্প্ৰদায়ক মদাহী আখ্যা দি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ওম প্ৰকাশ ৰাজভৰ৷
শুকুৰবাৰে বাৰানসীৰ এটি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ উত্তৰ প্ৰদেশৰ বিতৰ্কিত মন্ত্ৰী ওম প্ৰকাশ ৰাজভৰে কয় যে ৰাজপুত আৰু যাদৱ সম্প্ৰদায়ৰ লোকে সকলোতকৈ বেছি মদ্যপান কৰে৷ এই সম্প্ৰদায়ৰ লোকসকলৰ মদৰ বংশগত ব্যৱসায় আছে বুলিও মন্তব্য কৰে ওম প্ৰকাশে৷